নগাঁৱত কভিড ভেকচিনৰ নাটনিয়ে ভেকচিন লব বিচৰা লোক সকলক চিন্তিত কৰি তুলিছে । ভেকচিন লবৰ বাবে প্ৰতি দিনে ভেকচিন প্ৰদান কেন্দ্ৰ সমূহত বহু লোকে ভীৰ কৰা পৰিলক্ষিত হৈছে । বহুতে ভেকচিন নেপাই বিফল মনোৰথেৰে ওভতি আহিব লগা হৈছে । আজিও নগাৱৰ এটা ভেকচিন প্ৰদান কেন্দ্ৰত একে পৰিস্থিতিৰ সৃষ্টি হয় । নগাঁও চহৰৰ হয়বৰগাও হাইস্কুলৰ কভিড ভেকচিন প্ৰদান কেন্দ্ৰত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । নগাঁও চহৰৰ হয়বৰগাও হাইস্কুল ভেকচিন প্ৰদান কেন্দ্ৰত ভেকচিন লবৰ বাবে আজি পুৱা ৫ বজাৰ পৰা বহু লোকে শাৰি পাতি অপেক্ষা কৰি থকা পৰিলক্ষিত হয় । ক’ভাক্সিন ভেকচিনৰ দ্বিতীয় পালি প্ৰদানৰ বাবে বিভাগীয় কৰ্ত্তৃপক্ষই দিয়া বাৰ্তাৰ ওপৰত ভিত্তি কৰি আজি পুৱাৰে পৰা দ্বিতীয় পালি ভেকচিন লবৰ বাবে কেন্দ্ৰটোত বহু লোকে ভিৰ কৰে । কেন্দ্ৰটোৰ দ্বায়িত্বত থকা স্বাস্থ্য কৰ্মীয়ে পুৱা ১০ বজাত স্বাস্থ্য বিভাগৰ দ্বায়িত্বত থকা নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ নেতৃত্বত প্ৰস্তুত কৰা এখন সুকীয়া তালিকাত নাম থকা লোককহে ভেকচিন প্ৰদান কৰা হব বুলি ঘোষনা কৰাৰ লগে লগে ভেকচিন লবলৈ যোৱা লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হয় । একাংশ উত্তেজিত লোকে কেন্দ্ৰটোত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । এই লোক সকলে কৰা অভিযোগ অনুসৰি ভেকচিনৰ দ্বিতীয় পালি প্ৰদানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই পক্ষপাত মূলক ভাবে তালিকা প্ৰস্তুত কৰে । যাৰ বাবে পুৱা ৫ বজাৰ পৰা শাৰি পাতি থকা বহু বৃদ্ধ লোকো দ্বিতীয় পালি ভেকচিন লোৱাৰ পৰা বঞ্চিত হব লগা হয় । পিছত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । অৱশ্যে তালিকাত নাম থকা লোক সকলে ভেকচিন লাভ কৰিবলৈ সক্ষম হয় । আজি ভেকচিন প্ৰদান কেন্দ্ৰটোত কভিড প্ৰটকলৰ কোনো চিন মোকামেই দেখা নগল । নাই কোনো সামাজিক দুৰত্বৰ নীতি । নগাঁও জিলাত ভেকচিন প্ৰদান কাৰ্যসূচী বৃদ্ধি কৰিবলৈ সচেতন লোক সকলে চৰকাৰক আহবান জনাইছে । জিলাখনত ক’ভাক্সিনৰ নাটনিয়ে দ্বিতীয় পালি লবৰ বাবে অপেক্ষা কৰি থকা লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…