সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো আজি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জিলাখনৰ বিভিন্ন স্থানত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন , গছ পুলি বিতৰন , সজাগতা অনুষ্ঠান আদি কাৰ্যসূচী ৰূপায়ন কৰে । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত আৰু নগাঁও ৰটাৰী ক্লাব আৰু সেউজ নগাঁৱৰ সহযোগত চহৰখনৰ মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত , হয়বৰগাও ৰাজপথৰ ডিভাইদাৰৰ মাজত বৃক্ষ ৰোপন কৰাৰ লগতে লাওখোৱা পথত লখিমী যোগ কেন্দ্ৰ আৰু আত্ম সহায়ক গোটৰ সহযোগত বৃক্ষ ৰোপন কৰে । তদুপৰি কেচাআলি আৰু নিজৰ বাসভৱনতো বিধায়ক গৰাকীয়ে বৃক্ষ ৰোপণ কৰে । এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় , বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰকৃতি সুংৰক্ষনৰ ওপৰত গুৰুত্ব দিব লাগিব । প্ৰকৃতি থাকিলেহে মানৱ জাতি জীয়াই থাকিব । সেয়ে আমি সকলোৱে প্ৰকৃতি সুৰক্ষাৰ কামত সৰ্বাধিক গুৰুত্ব দিব লাগিব । তেওঁ লগতে কয় , অকল ৫ জুন বুলিয়েই নহয় , পৰিবেশৰ ভাৰ সাম্যতা ৰক্ষাৰ বাবে সকলো সময়তে গছ পুলি ৰোপন কৰিব লাগে । কাৰোবাক উপহাৰ দিব লগা হলে গছ পুলিকে উপহাৰ হিচাবে দিবৰ বাবে বিধায়ক গৰাকীয়ে ৰাইজক আহবান জনাই । ইপিনে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত আৰু নেতাজী বিদ্যপীঠৰ সহযোগত বিদ্যপীঠৰ চৌহদত বৃক্ষ ৰোপন কাৰ্যসূচীৰ লগতে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত সন্থাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মা , পৰিবেশ কৰ্মী স্বপন চৌধুৰীৰ লগতে খগেন চন্দ্ৰ নাথ , ৰুনজুন বৰা , মনালিছা ভাগৱতীয়ে অংশ গ্ৰহণ কৰে । বৰকলা আদৰ্শ লালুং গাৱৰ ড: বি আৰ আম্বেডকাৰ বিদ্যাপীঠত অনুষ্ঠিত বিশ্ব পৰিবেশ দিবসত প্ৰধান শিক্ষক স্বৰুপানন্দ বৰদলৈ , সমাজকৰ্মী কেশৱ বৰদলৈ , যুগ প্ৰসাদ বৰদলৈ , পবিত্ৰ শইকীয়া , মাধবী বৰা আদিয়ে অংশ গ্ৰহণ কৰে । নগাঁও ইলেকট্ৰনিক মিডিয়া এচ’চিয়েচনৰ উদ্যোগতো বিশ্ব পৰিবেশ দিবস উদযাপন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সাংবাদিক কনক হাজৰিকা , নেমাৰ সভাপতি তপন কুমাৰ বৰা , সম্পাদক বিৰেন বৰা আদিয়ে অংশ গ্ৰহণ কৰে । সাংবাদিক সকলৰ মাজত গছ পুলি বিতৰন কৰা হয় । শিল্পী কমল লস্কৰে সংবাদিক সকলৰ মাজত মাস্ক , ছেনিটাইজাৰ বিতৰণ কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…