বন্যহস্তী আৰু মানুহৰ সহাৱস্থান সুদৃঢ় কৰা তথা ক্ৰমবৰ্ধমান হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰাৰ লক্ষ্যৰে ‘গজ বান্ধৱ এলিফেণ্ট ৱেলফেয়াৰ ট্ৰাষ্ট’ৰ উদ্যোগত আজিৰ পৰা এক বিশেষ সজাগতামূলক অভিযান আৰম্ভ হৈছে। ট্ৰাষ্টৰ পৰিচালন ন্যাসৰক্ষী ভাস্কৰজ্যোতি দাসৰ নেতৃত্বত স্বেচ্ছাসেৱীসকলে হাতী-মানুহৰ সঘনে মুখামুখি হোৱা অঞ্চলসমূহলৈ গৈ সজাগতামূলক নাটৰ জৰিয়তে সজাগতা সৃষ্টিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। বনৰীয়া হাতী জনাঞ্চললৈ ওলাই আহিলে জনসাধাৰণে কি কৰা উচিত আৰু কি কৰা অনুচিত— সেই সন্দৰ্ভত এই নাটৰ জৰিয়তে সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰা হয়।
এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় গুৱাহাটীৰ দাঁতিকাষৰীয়া আমচং চাহ বাগিচা বামুনখাতস্থিত ‘মুক্তিযোদ্ধা কামাখ্যাপ্ৰসাদ ত্ৰিপাঠী আদৰ্শ বিদ্যালয়’ প্ৰাংগণৰ পৰা।
উক্ত সজাগতামূলক নাট প্ৰদৰ্শনৰ সময়ত বামুনখাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে। নাটখনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাতী-মানুহৰ সংঘাত কেনেকৈ এৰাই চলিব পৰা যায়, হাতী দেখিলে ল’বলগীয়া সাৱধানতাসমূহ আৰু ‘এবাৰ ব্যৱহাৰযোগ্যা প্লাষ্টিক’ (Single-use plastic) ব্যৱহাৰ নকৰাৰ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা হয়। বাটৰ নাটখন উপভোগ কৰি ছাত্ৰ-ছাত্ৰীসকল আনন্দিত হোৱাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও ‘গজ বান্ধৱ’ৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাতুল বৰাই ভাস্কৰজ্যোতি দাসৰ নেতৃত্বাধীন ‘গজ বান্ধৱ’ৰ এই পদক্ষেপক অত্যন্ত সময়োপযোগী বুলি অভিহিত কৰে। তেওঁ কয় যে এই সজাগতামূলক নাটে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে হাতী-মানুহৰ সংঘাতৰ পৰা আঁতৰি থাকিবলৈ যথেষ্ট উদগনি যোগাব আৰু প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতিও সচেতন কৰি তুলিব।
পৰৱৰ্তী সময়ত ‘গজ বান্ধৱ’ৰ দলটোৱে ক্ষেত্ৰী আদৰ্শ মাধ্যমিক বিদ্যালয়, বুঢ়ী গোঁসানী এম.ই. স্কুল আৰু বেলগুৰি এল.পি. স্কুলৰ বাকৰিতো ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত এই সজাগতামূলক নাটৰ প্ৰদৰ্শন কৰে।
এই কাৰ্যসূচীৰ সন্দৰ্ভত ‘গজ বান্ধৱ’ৰ পৰিচালন ন্যাসৰক্ষী ভাস্কৰজ্যোতি দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে- যিবোৰ অঞ্চলত প্ৰায়েই হাতী আৰু মানুহৰ সঘন মুখামুখি হয়, সেই অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ৰ পৰাই সহাৱস্থানৰ বাৰ্তাটো বুজাব লাগিব। ছাত্ৰাৱস্থাতে যদি তেওঁলোকক প্ৰকৃতিৰ বুকুত হাতীৰ গুৰুত্ব আৰু সংঘাতবিহীন সহাৱস্থানৰ প্ৰয়োজনীয়তা বুজাই দিয়া হয়, তেন্তে ভৱিষ্যতে তেওঁলোক নিজেই হাতীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিব। ইয়াৰ উপৰি বৰ্ধিত প্লাষ্টিক প্ৰদূষণো অনাগত দিনবোৰত বন্যহস্তীৰ বাবে কাল হৈ পৰিব পাৰে, সেয়ে আমি ছাত্ৰ-ছাত্ৰীসকলক প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়েও বুজাই তুলিছোঁ। আজিৰ এই কাৰ্যসূচীৰ অভূতপূৰ্ব সঁহাৰিয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু ভৱিষ্যতেও আমাৰ এই সজাগতামূলক অভিযান অব্যাহত থাকিব।

