আজি তিনিদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুনৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা দুটি পথ বিধস্ত হৈ পৰিছে । ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন ধনশ্ৰীঘাটৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানী পথটো আৰু ওৰাং টাউনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানী পথৰ অবস্থা অতি জৰাজীৰ্ণ হৈ পৰিছে ।দীৰ্ঘদিন ধৰি পথ দুটা মেৰামতি নকৰাৰ ফলত বখলা বখলিকৈ এৰি তাতে পানী জমা হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে । ফলত বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত ভীষন সমস্যাৰ সৃষ্টি হৈছে । কেবা ঠাইতো প্ৰকান্ড প্ৰকান্ড গাতৰ সৃষ্টি হোৱাত সৰু বৰ যান বাহন গৰু গাড়ী লেখিয়াকৈ বিপদ সংকুলতাৰে অহা যোৱা কৰিব লগা হৈছি । ফলত শিলবুড়ী ,ধনশ্ৰীবজাৰ অৰ্থবা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ওৰাং ধনশ্ৰীঘাটৰ পৰা অহা যোৱা কৰোতে ১৫ মিনিট সময় লাগে যদিও এতিয়া জৰাজীৰ্ণ এই পথেৰে যাতায়ত কৰিব লগীয়া হোৱাত ৪৫ মিনিট সময়ৰ প্ৰয়োজন হৈ পৰিছে । পথচাৰী সকলৰ লগতে চাইকেল আৰোহী সকলেও অতি সাৱধানতাৰে যাতায়ত কৰিব লগীয়া হৈছে । নহলে যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোবাৰ পুৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে । সেয়েহে ব্যস্ততাপূৰ্ণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথদুটা অতি শীঘ্ৰে মেৰামতি কৰিবলৈ বিৰ্ভাগীয কৰ্তৃপক্ষক দাবী জনাইছে অনঞ্চলটোৰ ৰাইজে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…
- বিহুৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ…
- অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসাধু ব্যৱসায়ীৰ অবৈধ শিলৰ ৰমৰমীয়া বেহা…
- কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…
- জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…