সোণাপুৰস্থিত Assam Don Bosco Universityত এজন অধ্যাপকৰ বিৰুদ্ধে যৌ/ন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়খনৰ পাব্লিক এডমিনিষ্ট্ৰেচন বিভাগৰ মুৰব্বী তথা অধ্যাপক Dr. Saurabh Chandraৰ বিৰুদ্ধে স্নাতক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীক যৌনভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাটোক লৈ বিশ্ববিদ্যালয় চৌহদত শিক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সন্ধিয়াৰ পৰা বহু শিক্ষাৰ্থীয়ে সমবেত হৈ অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ অভিযোগ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো গুৰুত্বসহকাৰে লোৱাৰ পৰিৱৰ্তে বিষয়টো গাপ দিবলৈ চেষ্টা কৰিছে।
শিক্ষাৰ্থীসকলৰ মতে, এই অধ্যাপকৰ বিৰুদ্ধে পূৰ্বেও একাধিক ছাত্ৰীয়ে অনুচিত আচৰণ আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগসমূহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও এতিয়ালৈকে কোনো দৃশ্যমান শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলিও তেওঁলোকে দাবী কৰিছে।
ইফালে, ঘটনাটোক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বা অভিযুক্ত অধ্যাপকৰ পক্ষৰ পৰা আনুষ্ঠানিকভাৱে কোনো মন্তব্য প্ৰকাশ পোৱা নাই।
উল্লেখ্য, এই অভিযোগসমূহ বৰ্তমান অভিযোগকাৰী পক্ষৰ দাবীৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হৈছে। ঘটনাটোৰ সত্যতা আৰু পৰিস্থিতি সম্পৰ্কে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ তদন্ত অথবা সংশ্লিষ্ট আইনী প্ৰক্ৰিয়াৰ ফলাফল এতিয়াও প্ৰকাশ পোৱা নাই। শিক্ষাৰ্থীসকলে অৱশ্যে অভিযুক্তৰ বিৰুদ্ধে স্বচ্ছ তদন্ত আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবীত আন্দোলন অব্যাহত ৰাখিব বুলি জনাইছে।

