বৰপেটাৰোডত নিশা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা! ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে সেনাবাহিনীত যোগ দিবলৈ সপোন দেখা দুই উদীয়মান যুৱকে। ৰেলপথ পাৰ হ’বলৈ লওঁতেই এখন দ্ৰুতবেগী মালবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হয় দুই বন্ধুৰ।
এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোকৰ ছাঁ পেলাইছে। নিহত যুৱক দুজন বৰপেটাৰোডৰ আজাদ নগৰৰ আনিচুৰ ৰহমানৰ পুত্ৰ জাহাংগীৰ আলম(১৮) আৰু হাইদৰ আলীৰ পুত্ৰ মোস্তফা খান উৰোফে আশ্বিক (১৯) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, দুয়োৰে বুকুত আছিল দেশ সেৱাৰ অদম্য সপোন। ভৱিষ্যতে ভাৰতীয় সেনাবাহিনী আৰু চিআৰপিএফত (CRPF) ভৰ্তি হৈ দেশৰ হকে কাম কৰাৰ লক্ষ্যৰে দুয়ো প্ৰতিদিনেই পুৱা-আবেলি দৌৰৰ অনুশীলন চলাইছিল।
আন দিনৰ দৰে কালি সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল দৌৰৰ অনুশীলনৰ বাবে। কিন্ত অনুশীলনৰ পৰা উভতি নাহিল ঘৰলৈ।
নিয়তিৰ আছিল অন্য লিখন। ঘৰলৈ উভতাৰ পথত ৰেলপথ পাৰ হ’ব ধৰোঁতেই উজনিমুৱা দ্ৰুতবেগী মালবাহী ৰেলে দুয়োকে মহতিয়াই লৈ যায়। ৰেলৰ প্ৰচণ্ড খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় দুই বন্ধুৱে। নিহত যুৱক দুজনৰ এজন বি. এইচ. কলেজৰ আৰু আনজন দ্ৰোণাচাৰ্য একাডেমীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত বৰপেটাৰোড ৰেল আৰক্ষীৰ এটা দল উপস্থিত হয়। দেশৰ হকে প্ৰাণ উছৰ্গা কৰাৰ সপোন দেখা দুটাকৈ সজীৱ প্ৰাণ এনেদৰে অকালতে হেৰাই যোৱাত বৰপেটাৰোডত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

