আজি পুৱাই মৰিগাঁৱৰ জালুগুটিত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনৰ সৰ্বত্ৰে ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও ABI ব্ৰাঞ্চৰ আৰক্ষীয়ে জালুগুটি আৰক্ষী পহৰা চকীৰ সহযোগত জালুগুটি মিলনপটীৰ ইকবাল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰত প্ৰথমে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ ৷ ইয়াৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত থকা ইকবাল ইছেইনক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ৷

