মাতৃ সহ দুই পুত্ৰ কাৰ্বি আংলং আৰক্ষীৰ জালত ৷যোৱা কালি নিশাৰ কাৰ্বি আংলং জিলাৰ বোকাজানত এক অভিযানত উদ্ধাৰ হয় ড্ৰাগছ৷ আৰক্ষীৰ অভিযানকাৰী দলটোৱে বোকাজানৰ প্ৰভাস শ্বাহ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে প্ৰায় ১২ গ্ৰাম হেৰ’ইন।বোকাজান আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে হেৰ’ইনখিনি।ঘটনাৰ সৈতে জড়িত প্ৰভাস শ্বাহৰ পত্নী পাৰ্বতী দেৱীৰ (৪৫) লগতে দুই পুত্ৰ ৰামদেৱ শ্বাহ আৰু কপিল শ্বাহক আটক কৰে বোকাজান আৰক্ষীয়ে।জানিব পৰামতে দীৰ্ঘদিন ধৰি বোকাজানত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল এই পৰিয়ালটোৱে।

