দক্ষিণ শৰনীয়া – বামুনীময়দামত গুৱাহাটী পৌৰনিগমৰ চেনিটাইজেছন

গুৱাহাটী মহানগৰীত কভিদ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত
পৌৰনিগমে বিগত কেইবাদিনধৰি মহানগৰীৰ বিভিন্ন স্হানত ছেনিটাইজ কৰি আহিছে ৷ বিজেপি গুৱাহাটী মহানগৰ জিলাৰ ছেনিটাইজাৰ বিভাগৰ সহযোগত গুৱাহাটী পৌৰনিগমে আজি মহানগৰীৰ গান্ধীমন্ডপ পথ, পুৱ শৰনীয়া ৬নং উপপথ আৰু বামুনীময়দামৰ কেইবাটাও স্হানত ছেনিটাইজ কৰে ৷৷ বিজেপি মহানগৰ জিলাৰ ছেনিটাইজাৰ বিভাগৰ আহ্বায়ক মৃনাল কাকতি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গান্ধীমন্ডপৰ নামঘৰ ,শিৱ মন্দিৰ ,কালী মন্দিৰ, ভুমি সংৰক্ষণ কাৰ্য্যলয়, পৌৰনিগমৰ পানী যোগন কেন্দ্ৰৰ চৌহাদৰ লগতে পথচোৱাত ছেনিটাইজ কৰা হয় ৷ স্হানীয় নাগৰিক মনোজ ডেকাৰ সম্পূৰ্ণ
সহযোগত বৃহত্তৰ অঞ্চলৰ লগতে বামনীময়দামৰ প্ৰাগজ্যোতি সাপ্তাহিক কাকতৰ কাৰ্য্যলয়ত ছেনিটাইজ কৰে ৷৷ইয়াৰ পিছত গান্ধীবস্তী আৰু পূৱ শৰনীয়ৰ কেইবাটাও স্হানত স্হানীয় বাসিন্দা মামনি মহন্তৰ
সহযোগিতা বৃহত্তৰ অঞ্চলত ছেনিটাইজ কৰে পৌৰনিগম কৰ্তীপক্ষই ৷৷

Related Articles