অতীত হ’ল মহানগৰীৰ অন্যতম জনপ্ৰিয় চিনেমা হ’ল বন্দনা ছবিগৃহ।বন্দনা চিনেমা হলৰ দেৱালত পৰিল হাতুৰীৰ কোব। বহু পুৰণি স্মৃতি যেন এতিয়া অতীতৰ গৰ্ভত সোমাই পৰিল। একপ্ৰকাৰ কোৰোণাই চিৰদিনলৈ বন্ধ কৰি দিলে বন্দনা চিনেমা গৃহৰ দুৱাৰ। এসময়ৰ বহু জনপ্ৰিয় অসমীয়া, হিন্দী আৰু ইংৰাজী চিনেমা প্ৰদৰ্শনৰ সাক্ষী হৈ আছিল বন্দনা চিনেমা গৃহ।
কিন্তু এতিয়াৰে পৰা যেন অতীত হৈ পৰিল সকলো। মহামাৰী কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে জাৰি কৰা সান্ধ্য আইনৰ কবলত পৰি গুৱাহাটীৰ পূব প্ৰান্তৰ জনপ্ৰিয় ছবিগৃহ বন্দনা ছবিগৃহ ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। বিগত ডেৰ বছৰ ধৰি অন্য ছবি গৃহসমূহৰ দৰে বন্দনা চিনেমা গৃহও বন্ধ হৈ থকা বাবে ইয়াৰ কৰ্তৃপক্ষ সন্মুখীন হৈছিল লোকচানৰ। আৰ্থিকভাৱে জুৰুলা হৈ পৰা স্বত্বাধিকাৰীজনে উপায়হীন হৈ ছবিগৃহটো ভাঙি শ্বপিং মল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ মাজত স্মৃতি হয় ৰ’ব “বন্দনা” নামটো।

