কভিডৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আবদ্ধ হৈ থকা কেৰেলাৰ বাছ সমূহক কালি সন্ধ্যাৰ পৰা কেৰেলা অভিমুখে পঠোৱাৰ ব্যবস্থা কৰিছে নগাঁও জিলা প্ৰসাশনে । উল্লেখ্য , বহি: ৰাজ্য কেৰেলাত কৰ্মৰত অসমৰ শ্ৰমিক সকলক অনা নিয়া কৰিবৰ বাবেকেৰেলাৰ পৰা এই বাছ সমূহ অহা যোৱা কৰে । জিলাখনৰ নগাঁও চহৰৰ খুটিকটীয়াকে ধৰি কাতিমাৰী , ৰূপহী , ৰাঙলু আদি লৈ কেৰেলাৰ পৰা এই বাছ সমূহৰ চলাচল হৈ আহিছে । প্ৰায় ৬০ খনৰো অধিক বাছ কভিড জনিত পৰিস্থিতিৰ বাবে এমাহৰো অধিক কাল নগাঁৱত আবদ্ধ হৈ আছে । ফলত বাছ সমূহৰ চালক- পৰিচালককে ধৰি কেৰেলাৰ শতাধিক লোক ভীষন সমস্যাত পৰাৰ লগতে আৰ্থিক সংকটত পৰে । নিজৰ গৃহ ৰাজ্য কেৰেলালৈ যাবৰ বাবে ঊদগ্ৰীব হৈ পৰিছিল যদিও কভিডৰ বাবে যাব পৰা নাছিল । আনহাতে , নগাঁৱৰ একাংশ সচেতন লোকে এই লোকসকলৰ পৰাই কভিডৰ সংক্ৰমণ হব পাৰে বুলি আশংকা প্ৰকাশ কৰি এই লোক সকলক বাছ সহ কেৰেলালৈ ওভতাই পঠাবৰ বাবে এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰিছিল । ইয়াক কেন্দ্ৰ কৰি সেই সময়ত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছিল । পিছত নগাঁৱৰ আৰক্ষী অধীক্ষকে এই লোক সকলক কেৰেলালৈ ওভতাই পঠোৱা হব বুলি আশ্বাস প্ৰদান কৰে ।ইপিনে এই সন্দৰ্ভত কেৰেলা চৰকাৰে অসম চৰকাৰৰ লগত যোগাযোগ কৰাৰ পিছতেই এই লোক সকলক কেৰেলালৈ ওভতাই পঠাবৰ বাবে নগাঁও জিলা প্ৰশাসন তৎপৰ হৈ পাৰে । কালি সন্ধ্যাৰ পৰা এই বাছ সমূহ কেৰেলালৈ পঠোৱাৰ ব্যবস্থা কৰিছে জিলা প্ৰশাসনে । কালি পাচ খন বাছক কেৰেলালৈ ওভতাই পঠোৱাৰ পাছত আজিও কেবাখনো বাছ কেৰেলালৈ ওভতাই পঠাইছে । যাত্ৰীহীন ভাবেই এই বাছ সমূহে ওভটনী যাত্ৰা কৰিছে । এই সমগ্ৰ প্ৰক্ৰিয়াতো তদাৰক কৰিছে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ আৰু ইয়াত সহযোগিতা আগবঢ়াই সমবায় বিভাগৰ বিষয়া ৰূপৰঞ্জন দাসে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…