অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ডাঙৰ সুখবৰ, Farmer Registry প’ৰ্টেলত অন্তৰ্ভুক্ত হ’ল চাহ আৰু প্লাণ্টেচন শ্ৰেণীৰ ভূমি

ৰাজ্যৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চাহ আৰু প্লাণ্টেচন শ্ৰেণীৰ ভূমিও Farmer Registry প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে, ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে চৰকাৰী সেৱা আৰু সুবিধাসমূহ অধিক সহজে লাভ কৰিব পাৰিব

মুখ্যমন্ত্ৰীৰ মতে, এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়কে Farmer ID লাভ কৰিব। একেটা ডিজিটেল প্লেটফৰ্মৰ মাধ্যমে সাৰ, চৰকাৰী আঁচনি, প্ৰয়োজনভিত্তিক সহায় আৰু কৃষি-সম্পৰ্কীয় বিভিন্ন সুবিধা সহজে উপলব্ধ হ’ব। লগতে সহজে ঋণ লাভৰ সুযোগ বৃদ্ধি পাব আৰু মধ্যস্বত্বভোগীৰ শোষণৰ পৰা খেতিয়কসকলে সুৰক্ষা লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে কয়, “এসময়ৰ এটা প্ৰান্তীয় সম্প্ৰদায়ৰ পৰা আজি অসমৰ মুঠ চাহ উৎপাদনৰ প্ৰায় ৫০ শতাংশ যোগান ধৰা এক শক্তিশালী খণ্ডলৈ পৰিণত হোৱা ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ গৌৰৱ, আমাৰ শক্তি আৰু অসমৰ কৃষি অৰ্থনীতিৰ এক দৃঢ় ভিত্তি। মই প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়কক অতি সোনকালে নিজৰ Farmer ID সংগ্ৰহ কৰি চৰকাৰৰ এই ডিজিটেল সুবিধাসমূহৰ পূৰ্ণ লাভ গ্ৰহণ কৰিবলৈ আন্তৰিকভাৱে আহ্বান জনাইছোঁ।”

চৰকাৰৰ এই পদক্ষেপে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ডিজিটেলভাৱে অধিক সংযুক্ত কৰাৰ লগতে কৃষি খণ্ডত স্বচ্ছতা, সহজলভ্যতা আৰু আৰ্থিক অন্তৰ্ভুক্তিক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Related Articles