ভাৰত ভ্ৰমণত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি, আজি মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক India-Japan Annual Summit in New Delhi:

India-Japan Annual Summit in New Delhi: তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে বুধবাৰে নতুন দিল্লীত উপস্থিত হয় জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি। প্ৰধানমন্ত্ৰী হিচাপে এয়াই তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতত উপস্থিত হোৱাৰ পিছতে সামাজিক মাধ্যমত এক পোষ্টযোগে তাকাইচিয়ে এই ভ্ৰমণক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি উল্লেখ কৰে।

তেওঁ পোষ্টটোত জনায় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একাধিক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হ’ব। আলোচনাৰ মূল কেন্দ্ৰবিন্দু হ’ব অৰ্থনৈতিক সুৰক্ষা, শক্তি সুৰক্ষা আৰু বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰেক্ষাপটত দুয়োখন দেশৰ কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায়।

তাকাইচিয়ে লগতে কয় যে, ভাৰত-জাপানৰ মাজত বিদ্যমান ‘বিশেষ কৌশলগত বৈশ্বিক অংশীদাৰিত্ব’ অধিক সুদৃঢ় কৰাৰ লগতে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, শক্তি আৰু অন্যান্য ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ বিষয়েও দুয়ো দেশৰ নেতৃত্বই বিস্তৃত আলোচনা কৰিব।

উল্লেখযোগ্য যে, পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে অসম ভ্ৰমণ কৰাৰ কথা আছিল। ১ জুলাইৰ পৰা ৩ জুলাইলৈ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰো পৰিকল্পনা আছিল। কিন্তু পাছলৈ সেই কাৰ্যসূচী বাতিল কৰি তেওঁক নতুন দিল্লীতেই দ্বিপাক্ষিক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হয়।

বিশ্লেষকৰ মতে, ইণ্ডো-পেচিফিক অঞ্চলৰ কৌশলগত পৰিস্থিতি, আঞ্চলিক নিৰাপত্তা, যোগান শৃংখল শক্তিশালীকৰণ, শক্তি সহযোগিতা আৰু বিনিয়োগ বৃদ্ধিৰ দৰে বিষয়সমূহ এই বৈঠকত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

Related Articles