শ্বহীদ পিয়লি ফুকন–জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি আৰু দিচাং নদীৰ গৰাখহনীয়া ৰোধৰ দাবী জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

অসম বিধানসভাত সোণাৰি সমষ্টিৰ দুটা গুৰুত্বপূৰ্ণ জনস্বাৰ্থজড়িত বিষয় উত্থাপন; শ্বহীদ পিয়লি ফুকন–জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি আৰু দিচাং নদীৰ গৰাখহনীয়া ৰোধৰ দাবী জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰে সদনৰ মজিয়াত দুটা অতি গুৰুত্বপূৰ্ণ জনস্বাৰ্থজড়িত বিষয় উত্থাপন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

বিধি ৩০১ৰ অধীনত বক্তব্য ৰাখি বিধায়কগৰাকীয়ে অসমৰ বীৰ সন্তান শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়াবৰুৱাৰ ঐতিহাসিক অৱদানৰ বিষয়ে সদনত বিস্তৃতভাৱে আলোকপাত কৰে। তেওঁ কয় যে, স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক পৰ্যায়তে এই দুই মহান বীৰে মাতৃভূমিৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি দেশৰ ইতিহাসত এক অবিস্মৰণীয় অধ্যায় ৰচনা কৰিছিল। তথাপিও তেওঁলোকৰ অসামান্য ত্যাগ আৰু অৱদানে এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাপ্য স্বীকৃতি লাভ কৰা নাই।

এই পৰিপ্ৰেক্ষিতত তেওঁ শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়াবৰুৱাক ভাৰতৰ প্ৰথম শ্বহীদ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে, তেওঁলোকৰ জীৱন, আদৰ্শ আৰু স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান ৰাষ্ট্ৰীয় শিক্ষাক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে উল্লেখ কৰে যে, অসমৰ গৌৰৱময় ইতিহাস আৰু স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ ত্যাগ-তিতিক্ষাক ৰাষ্ট্ৰীয় পৰ্যায়ত যথোচিত মৰ্যাদা প্ৰদান কৰাটো সময়ৰ দাবী। এনে পদক্ষেপে নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেম, আত্মত্যাগ আৰু জাতীয় চেতনাৰ বিকাশ ঘটোৱাৰ লগতে অসমৰ ইতিহাসক সমগ্ৰ দেশৰ আগত অধিক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিব।

ইয়াৰ সমান্তৰালভাৱে বিধায়কগৰাকীয়ে সোণাৰি সমষ্টিৰ অন্তৰ্গত বৰহাটৰ পৰা ভজো অঞ্চললৈকে দিচাং নদীৰ অব্যাহত গৰাখহনীয়াই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বিষয়টোও সদনৰ দৃষ্টিগোচৰ কৰে। তেওঁ কয় যে, এই গৰাখহনীয়াৰ ফলত বহু গাঁও, কৃষিভূমি, ৰাস্তা-ঘাট আৰু সাধাৰণ ৰাইজৰ বাসস্থান সংকটৰ সন্মুখীন হৈছে।

তেওঁ দিচাং নদীৰ লগতে ইয়াৰ উপনৈসমূহ—বিশেষকৈ টিয়ক আৰু টাওকাক নৈৰ গৰাখহনীয়া ৰোধ, প্ৰয়োজনীয় মথাউৰি নিৰ্মাণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্থায়ী সমাধানৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে ক্ষেত্ৰ পৰ্যায়ত নিয়মীয়া পৰিদৰ্শন আৰু উন্নয়নমূলক কাম-কাজ অধিক গতিশীলভাৱে সম্পন্ন কৰাৰ স্বাৰ্থত সংশ্লিষ্ট জল সম্পদ বিভাগীয় কাৰ্যালয় স্থাপন আৰু এখন চৰকাৰী বাহন প্ৰদানৰ অনুৰোধো উত্থাপন কৰে।

বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰে জানিবলৈ দিয়ে যে, মাননীয় জল সম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ে বিষয়সমূহ গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে। ইয়াৰ বাবে তেওঁ মন্ত্ৰীগৰাকীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সোণাৰি সমষ্টিৰ জনসাধাৰণৰ স্বাৰ্থজড়িত প্ৰতিটো বিষয় আগন্তুক দিনতো সদনৰ মজিয়াত দৃঢ়তাৰে উত্থাপন কৰি যোৱাৰ সংকল্প পুনৰ ব্যক্ত কৰে।

Related Articles