বিশ্ব খ্যাত কৃষি বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ শেষকৃত্য সম্পন্ন, চাপৰত গুণমুগ্ধৰ ভিৰ

বিশ্ব খ্যাত কৃষি বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ শেষকৃত্য সম্পন্ন, চাপৰত গুণমুগ্ধৰ ভিৰ

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী, বিশিষ্ট শিক্ষাবিদ তথা চাপৰৰ সুসন্তান ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ আজি চাপৰত সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন হয়। বিশ্ব বিজ্ঞান জগতত অসমৰ নাম উজলাই তোলা মহান বিজ্ঞানীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ চাপৰত ভিৰ কৰে অসংখ্য গুণমুগ্ধই।

উল্লেখ্য যে, যোৱা ৫ জুলাইত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ কলিতাই। আজি তেওঁৰ পাৰ্থিৱ শৰীৰ চাপৰৰ আৰেয়াৰঝাৰত থকা নিজ বাসগৃহলৈ অনা হয়।

আৰেয়াৰঝাৰ প্ৰাথমিক বিদ্যালয় আৰু চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ আৰম্ভণি কৰা ডঃ কলিতাই পৰৱৰ্তী সময়ত পঞ্জাব কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি অভিযান্ত্ৰিক বিষয়ত বি.টেক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত থাইলেণ্ডৰ এছিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এম.টেক আৰু আমেৰিকাৰ আইঅ’ৱা ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰি তেওঁ বিশ্বৰ এগৰাকী আগশাৰীৰ কৃষি বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

ডঃ কলিতাৰ পাৰ্থিৱ শৰীৰ প্ৰথমে আৰেয়াৰঝাৰৰ ৰাস মন্দিৰলৈ নিয়া হয়। ইয়াৰ পিছত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাপৰ শাখা সাহিত্য সভাত তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত বহু শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধই উপস্থিত হৈ মহান বিজ্ঞানীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পৰৱৰ্তী সময়ত চাপৰ আঞ্চলিক শ্মশানত সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়। ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ বিয়োগে চাপৰ, অসম তথা সমগ্ৰ বিজ্ঞান জগতলৈ এক অপূৰণীয় ক্ষতি কঢ়িয়াই আনিছে বুলি বিভিন্ন মহলে মন্তব্য প্ৰকাশ কৰে।

বিশ্বৰ কৃষি বিজ্ঞান ক্ষেত্ৰত অসমৰ নাম উজ্জ্বল কৰি যোৱা ডঃ কলিতাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি মত প্ৰকাশ কৰে উপস্থিত লোকসকলে।

Related Articles