ফিফা বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেল উপলক্ষে গুৱাহাটীত ৰেষ্টুৰেণ্ট খোলা থাকিব পুৱা ৩:৩০ বজালৈ ।

ফিফা বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেল উপলক্ষে গুৱাহাটীত ৰেষ্টুৰেণ্ট খোলা থাকিব পুৱা ৩:৩০ বজালৈ

ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফিফা বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেলৰ খেলসমূহ কোনো অসুবিধা নোহোৱাকৈ উপভোগ কৰিব পৰাৰ উদ্দেশ্যে গুৱাহাটীত ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ নিশা ৰেষ্টুৰেণ্টসমূহ খুলি ৰখাৰ সময় পুৱা ৩:৩০ বজালৈ বৃদ্ধি কৰাৰ অনুমতি দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত কয় যে, একেলগে বহি খেল উপভোগ কৰাৰ আনন্দ সুকীয়া। সেই কথা মনত ৰাখিয়েই ক্ৰীড়ানুৰাগীসকলে যাতে নিশাৰ খেলসমূহ আৰামৰে চাব পাৰে, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ জনায় যে, এই সম্পৰ্কে গুৱাহাটী জিলা প্ৰশাসনক প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰিও, ৰাজ্যৰ আন কোনো জিলাত যদি ৰেষ্টুৰেণ্ট মালিক সন্থাই অনুৰোধ জনায় আৰু স্থানীয় জনসাধাৰণেও এই সুবিধা বিচাৰে, তেন্তে সংশ্লিষ্ট জিলা প্ৰশাসনেও একেধৰণৰ অনুমতি প্ৰদান কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয় যে, ক্ৰীড়াসুলভ মানসিকতাই সমাজক একত্ৰিত কৰি ৰাখে আৰু ফুটবলৰ দৰে জনপ্ৰিয় খেল এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। সেয়ে সকলোকে দায়িত্বশীলভাৱে খেল উপভোগ কৰি বিশ্বকাপৰ ৰোমাঞ্চকৰ মুহূৰ্তসমূহ উপভোগ কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

Related Articles