“মোৰ বহুত বেছি বেয়া লাগিছে, ভিডিঅ’বোৰ দেখি মনটোক বুজাব পৰা নাই।” Lovlina Borgohain

Lovlina Borgohain উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অলিম্পিক পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। সামাজিক মাধ্যমত এক আৱেগিক বাৰ্তাৰ জৰিয়তে তেওঁ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ দুখ-কষ্ট হোৱা বুলি প্ৰকাশ কৰে।

লাভলীনাই সামাজিক মাধ্যমত মন্তব্য কৰিছে , “মোৰ বহুত বেছি বেয়া লাগিছে, ভিডিঅ’বোৰ দেখি মনটোক বুজাব পৰা নাই।” তেওঁ লগতে কয়, “ভগৱানে সকলোৱে শক্তি দিয়ক এই সময়খিনিত যুঁজিবলৈ।”

এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিবলৈও সকলোকে আহ্বান জনায়।

লাভলীনা বৰগোহাঁইৰ এই দুখভৰা বাৰ্তাই সামাজিক মাধ্যমত বহুজনৰ হৃদয় স্পৰ্শ কৰিছে। বহু অনুৰাগী আৰু শুভাকাংক্ষীয়ে তেওঁৰ বক্তব্যৰ সৈতে একাত্মতা প্ৰকাশ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে প্ৰাৰ্থনা জনাইছে।

Related Articles