ওৰাঙত স্বাস্থ্য কৰ্মীৰ ব্যাপক প্ৰতিবাদ

ওদালগুৰি জিলাৰ  মাজবাট বিধানসভা সমষ্টিৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত এই কেন্দ্ৰ দুয়োটাৰ  স্বাস্থ্য কৰ্মী সকলে  ১৮জুনত ওৰাং স্বাস্থ্য কেন্দ্ৰৰ চৌহদত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে । স্বাস্থ্য কৰ্মী সকলে সমগ্ৰ অসমত স্বাস্থ্য কৰ্মী সকলৰ ওপৰত চলি অহা বৰ্বৰ অত্যাচাৰ , মাৰ ধৰ ,নানান ধৰণৰ গালি গালাজ কৰাৰ লোকৰ সংখ্যা দিনক দিনে বাঢ়ি অহাৰ বাবে দেশজুৰি প্ৰতিবাদত কৰাৰ অংশীদাৰ হৈছে । প্ৰতিবাদ সাব্যস্ত কৰা স্বাস্থ্য কৰ্মী সকলে ব্যক্ত কৰা মতে তেওঁলোকে নিষ্ঠাৰে জনগণৰ স্বাৰ্থত দিন ৰাত একাকাৰ কৰি নিজৰ জীৱনৰ মূল্যৰ কথা  কোনো চিন্তা নকৰি ,ঘৰ পৰিয়াল এৰি দৈনিক এই মাৰাত্মক কৰুণা কালত সেৱা আগবঢ়াই অহাৰ পিছতো স্বাস্থ্য কৰ্মী সকলৰ ওপৰত একাংশ দুস্কৃকাৰীয়ে এইদৰে এইদৰে মাৰ পিট কৰা অতি লজ্জাজনক বুলি অতি  দুখমনে  সদৰী কৰে । কোভিডত সমগ্ৰ দেশ অসুস্থ হৈ থকা সময়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মি সকলৰ নিৰাপত্তা বিচাৰি ওৰাঙত তীব্ৰ প্ৰতিবাদ চিকিৎসা কৰ্মী সকলৰ। চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৰাতিপুৱা ১০ বজাৰ  ১০-৩০ বজালৈ 
চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰা, চিকিৎসা কৰ্মীক আক্ৰমণ কৰা বন্ধ কৰা আদি‌ বিভিন্ন দাবীৰে হাতত প্লেকাৰ্ড লৈ চিকিৎসা কৰ্মী সকলে ক’লা বেজ পৰিধান কৰে । চিকিৎসা চৌহদত  প্ৰতিবাদ  সাব্যস্ত কৰে চিকিৎসা কৰ্মী সকলে।

Related Articles