দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীৰ যৌথ যৌথ ভাবে ফকিৰগঞ্জ বজাৰত অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় টেবলেটৰ পৰিমাণ ৫৭৬ টা৷ এই নিচাজাতীয় টেবলেট খিনি বিক্ৰী কৰি থকা সময়তে আৰক্ষীয়ে হাতেলোটে জব্দ কৰিবলৈ সক্ষম হয় লগতে আৰক্ষীয়ে ৰাজিব হোচেইন (২৫) আৰু আবেদ আলী (২৭) নামৰ দুজন ব্যক্তিক কৰায়ত্ত কৰে৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷

Related Articles