ইবিএমএছ (ই২০ পেট্ৰ’ল)ত আৰ্দ্ৰতা আৰু ক্লৰাইডৰ বিষয়ত শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ মাজতে অ’এমচিসমূহে সমগ্ৰ ইবিএমএছ যোগান শৃংখলক সামৰি দেশজোৰা অতিৰিক্ত পৰীক্ষা সম্পন্ন কৰিছে। পৰীক্ষাৰ পৰা লাভ কৰা তথ্যই পুনৰ দৃঢ়তাৰে কয় যে ইন্ধনৰ গুণাগুণ নিৰ্দিষ্ট সীমাৰ ভিতৰতে আছে। বৈজ্ঞানিকভাৱে ডিজাইন কৰা পদ্ধতি অৱলম্বন কৰি কৰা ব্যাপক যাদৃচ্ছিক পৰীক্ষাৰ ভিত্তিত কৰা এই পৰীক্ষাই কিছুমান দাবী নাকচ কৰাৰ লগতে প্ৰমাণসমূহে দেখুৱাইছে যে এনেধৰণৰ ইন্ধনৰ দূষণৰ বাবে কোনো ধৰণৰ বিপদ সংকেত ইয়াত পোৱা হোৱা নাই।অ’এমচিয়ে সকলো গ্ৰাহকক আশ্বস্ত কৰি কৈছে-আমি ইন্ধনৰ মান অটুট ৰখাৰ বিষয়টোক সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হিচাপে গণ্য কৰোঁ আৰু যদি কোনো সমস্যাই বাহনৰ কাৰ্য্যক্ষমতা বা গ্ৰাহকৰ আস্থাত প্ৰভাৱ পেলাব পাৰে তেন্তে সেয়া বৈজ্ঞানিক অনুসন্ধান আৰু সংশোধনীমূলক ব্যৱস্থাৰ জৰিয়তে তৎকালীনভাৱে সমাধান কৰা হয়। ভাৰত চৰকাৰে পেট্ৰ’ল মিশ্ৰণত ব্যৱহৃত ইথানলৰ বাবে কঠোৰ ক্ল’ৰাইড স্পেচিফিকেশন নিৰ্ধাৰণ কৰিছে আৰু সমগ্ৰ যোগান শৃংখলত এই নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ উচ্চ মানৰ নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰিছে।
দেশজুৰি শোধনাগাৰ, ডিষ্টিলেৰী, ডিপো/টাৰ্মিনেল আৰু খুচুৰা বিপণীকে ধৰি যোগান শৃংখলৰ একাধিক স্থানত ক্লৰাইডৰ দিশটো নিৰীক্ষণ কৰা হৈছে, যিয়ে নিশ্চিত কৰিছে যে সমগ্ৰ যোগান শৃংখলতে গুণগত মান ধাৰাবাহিকভাৱে বজাই ৰখা হৈছে।ইতিমধ্যে স্থাপন কৰা গুণগত নিশ্চয়তা প্ৰট’কলৰ উপৰি তেল বিপণন কোম্পানীসমূহে প্ৰতিটো খুচুৰা বিপণীত দৈনিক ৮–১২ বাৰ পানীৰ প্ৰৱেশ আৰু ঘনত্ব পৰীক্ষা কৰি আছে আৰু এইক্ষেত্ৰত নিৰীক্ষণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰি তোলা হৈছে। বিভিন্ন স্থানত ভ্ৰাম্যমাণ ইন্ধনৰ গুণগত মান পৰীক্ষাগাৰৰো ব্যৱস্থা কৰা হৈছে, আনহাতে গুণগত নিশ্চয়তাৰ উচ্চতম মান নিশ্চিত কৰিবলৈ পৰীক্ষাৰ ফলাফলসমূহক ইন্ধন পৰীক্ষাগাৰৰ জৰিয়তে স্বতন্ত্ৰভাৱে বৈধতা প্ৰদান কৰা হৈছে। সমগ্ৰ যোগান শৃংখলত এই বহুমুখী পৰীক্ষণ প্ৰট’কলসমূহে আমাৰ ইন্ধনৰ উচ্চতম মানৰ বৈধতা প্ৰদান কৰিছে।শোধনাগাৰৰ পৰা এম এছ: পেট্ৰলত প্ৰকৃত ক্লৰাইডৰ মাত্ৰা ১ পিপিএমৰ ভিতৰত থাকেবিভিন্ন শোধনাগাৰত পৰীক্ষা কৰা ১০০ টাতকৈও অধিক অতিৰিক্ত যাদৃচ্ছিকভাৱে নিৰ্বাচিত পেট্ৰ’লৰ নমুনাই নিশ্চিত কৰিছে যে ক্ল’ৰাইডৰ পৰিমাণ ধাৰাবাহিকভাৱে কম হৈয়েই আছে, সকলো নমুনাৰ পৰীক্ষাৰ ফলাফল ১ পিপিএম বা তাৰ তলত পোৱা গৈছে। এই কথাই ভাৰতৰ শক্তিশালী শোধন আৰু প্ৰেৰণ প্ৰক্ৰিয়াত চলোৱা গুণগত পৰীক্ষাৰ অবিৰত ফলপ্ৰসূতাকেই প্ৰতিফলিত কৰিছে। ২/ বিশুদ্ধ ইথানল – ডিষ্টিলেৰী:ডিষ্টিলেৰীয়ে যোগান ধৰা ইথানলত—প্ৰধান মিশ্ৰণ উপাদান—নিৰ্ধাৰিত মাত্ৰাৰ যথেষ্ট তলত ক্লৰাইডৰ মাত্ৰা ধাৰাবাহিকভাৱে ৰেকৰ্ড কৰিছে, যিয়ে উৎপাদন পৰ্যায়ত শক্তিশালী গুণগত নিয়ন্ত্ৰণ ব্যৱস্থাক প্ৰতিফলিত কৰিছে।
অ’এমচি আৰু চিএইচটিৰ সদস্য থকা এটা নিবেদিত টাস্ক ফ’ৰ্চে যোৱা ১০ দিনত সমগ্ৰ দেশৰ ৮০টা ডিষ্টিলেৰীৰ ইথানলৰ নমুনা পৰীক্ষা কৰিছে আৰু সকলো নমুনাতে ক্লৰাইডৰ পৰিমাণ ৩ পিপিএমতকৈ কম আছিল।৩) অ’এমচিৰ বিপণন আন্তঃগাঁথনিৰ জৰিয়তে বিতৰণ কৰা ইথানল মিশ্ৰিত এমএছ (ই২০):ডিপো / টেংক ট্ৰাক: ডিপো আৰু টাৰ্মিনেলত পৰীক্ষা কৰা ইথানল আৰু ই২০ নমুনাই নিৰ্ধাৰিত ক্লৰাইডৰ সীমা পূৰণ কৰি আহিছে, এই পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ কৰি নিশ্চিত কৰা হয় যে ইন্ধন সংৰক্ষণ আৰু বিতৰণ নেটৱৰ্কৰ মাজেৰে যোৱাৰ লগে লগে গুণগত মান বজাই ৰখা হয়। বিভিন্ন অ’এমচি টাৰ্মিনেলৰ পৰা সংগ্ৰহ কৰা সমগ্ৰ দেশতে ৮০টাতকৈও অধিক নমুনাত ক্ল’ৰাইডৰ পৰিমাণ ৩ পিপিএমতকৈ কম দেখা গৈছে।খুচুৰা বিপণী (আৰ অ’): ১০০০ৰো অধিক নমুনাৰ তীব্ৰ নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে যোৱা কেইদিনমানত ১৬০টা পৰীক্ষাৰ প্ৰতিবেদনত থকা ক্ল’ৰাইডৰ পৰিমাণৰ বিশ্লেষণ কৰা হৈছে আৰু সেয়া কেইবাশ পিপিএমৰ দাবীৰ বিপৰীতে মাত্ৰা ০-৩ পিপিএমৰ পৰিসৰত আছে। নিৰীক্ষণ ব্যৱস্থাই মাত্ৰ চাৰিটা পৃথক ঘটনা চিনাক্ত কৰিছে, য’ত ক্ল’ৰাইডৰ মাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেইবোৰৰ যোগান তৎক্ষণাত স্থগিত ৰখা হৈছে, তাৰ পিছত ইয়াৰ মূল কাৰণ বিশ্লেষণ তথা যোগানৰ পূৰ্বে উপযুক্ত সংশোধনী ব্যৱস্থা ৰূপায়ণ কৰা হৈছে।৪/ পানীৰ প্ৰৱেশ পৰীক্ষা:প্ৰায় ৯০ হাজাৰ আৰ অ’ই মাটিৰ তলৰ ষ্ট’ৰেজ টেংকৰ বাধ্যতামূলক পৰিদৰ্শন আৰু নিৰীক্ষণ আৰম্ভ কৰিছে।
আৰ অ’ত থকা মাটিৰ তলৰ টেংকবোৰ প্ৰতিদিনে ৮–১২ বাৰ পৰিদৰ্শন কৰা হৈছে আৰু এতিয়ালৈকে ইন্ধনত কোনো ধৰণৰ পানীৰ প্ৰৱেশৰ তথ্য পোৱা নাই।ওপৰৰ পৰীক্ষাসমূহৰ সূচীভুক্ত সাৰাংশ CHT @ www.cht.gov.in ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ। অধিক পৰীক্ষাৰ ফলাফল উপলব্ধ হোৱাৰ লগে লগে এয়া আপডেট কৰা হ’ব। তেল বিপণন কোম্পানীসমূহে গ্ৰাহকসকলক আশ্বস্ত কৰিব বিচাৰে যে ইন্ধনৰ মান তেওঁলোকৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়েই আছে। যোগান শৃংখলত গুণগত মানৰ নিৰীক্ষণ অবিৰতভাৱে কৰা হৈছে, আৰু য’তেই কোনো বিচ্যুতি ধৰা পৰে, তাতেই তৎকালীন তথা নিৰ্ণায়ক সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ওপৰৰ কথাখিনিৰ ভিত্তিতে গ্ৰাহকে ই-২০ পেট্ৰ’ল আত্মবিশ্বাসেৰে ব্যৱহাৰ কৰি থাকিব লাগে, কিয়নো অ’এমচি নেটৱৰ্কৰ জৰিয়তে যোগান ধৰা ইন্ধন নিৰ্ধাৰিত গুণগত মানৰ নিৰ্দিষ্টতা অনুসৰি আৰু যোগান শৃংখলৰ প্ৰতিটো পৰ্যায়তে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ডিজাইন কৰা শক্তিশালী গুণগত নিশ্চয়তা তথা নিৰীক্ষণ ব্যৱস্থাৰ দ্বাৰা সমৰ্থিত।

