ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত অস্ত্ৰোপচাৰৰ সময়ত ছনু নিগমক গান গোৱা দেখা গৈছে। ভিডিঅ’টোত অস্ত্ৰোপচাৰৰ যন্ত্ৰণা নেওচি গায়ক গৰাকীয়ে গান গাইছে। ভিডিঅ’টোত কণ্ঠশিল্পীগৰাকীয়ে ১৯৪৯ চনৰ দুলাৰী ছবিৰ “সুহানী ৰাত ধল চুকি হায়, না জানে তুম কব আওগে” গীতটি গাই আছে।
অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসক আৰু কৰ্মচাৰীসকলৰ বাবে গীত গাই ছনু নিগমে। ভাইৰেল ভিডিঅ’টোত তেওঁৰ আশু আৰোগ্য কামনা কৰিছে অনুৰাগীসকলে। কণ্ঠশিল্পীগৰাকীৰ অস্ত্ৰোপচাৰৰ বিষয়ে বিশেষ তথ্য উপলব্ধ নহয়। শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে তেওঁ বিষাদজনক স্নায়ুৰ অৱস্থাত ভুগি আছিল।
শেহতীয়াকৈ ছনুৱে এটা পোষ্টত উল্লেখ কৰিছিল যে তেওঁৰ স্নায়ুৰ অসুবিধাৰ সন্মুখীন হৈ আছে। ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ছনু নিগমৰ ভিডিঅ’। কণ্ঠশিল্পীগৰাকীয়ে অনুৰাগীৰ পৰা লাভ কৰিছে বহু মৰম। ভিডিঅ’টোত মানুহে মন্তব্য কৰি লিখিছে যে অপাৰেচনৰ সময়ত সুৰীয়া কণ্ঠ থকাটো অতি গুৰুত্বপূৰ্ণ। আন এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, “ভাগ্যৱান চিকিৎসকসকল!” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ভাগ্যৱান চিকিৎসকসকল!” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ভাগ্য ভাল যে মই এটা লাইভ গীত শুনিবলৈ সুযোগ পালোঁ।”

