বিগত লোকসভা নিৰ্বাচনত AIUDF দলক ৰাজনৈতিকভাৱে (Nagaon by-election)একাষৰীয়া কৰি ৰখা অসম প্ৰদেশ কংগ্ৰেছে এতিয়া অহা নগাঁও সমষ্টিৰ উপ-নিৰ্বাচনত বৈতৰণী পাৰ হ’বলৈ একেটা দলৰে শৰণাপন্ন হ’বলগীয়া স্থিতিৰ সৃষ্টি হৈছে। নগাঁও উপ-নিৰ্বাচনত নিজৰ আসন সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছে এতিয়া AIUDF আৰু তৃণমূল কংগ্ৰেছৰ সৈতে এক গোপন বুজাবুজি বা মিত্ৰতাৰ বাবে তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ সংখ্যালঘু ভোটৰ সম্ভাৱ্য বিভাজনক লৈ দলটোৰ ভিতৰচ’ৰাত তীব্ৰ আশংকাৰ সৃষ্টি হৈছে।
উল্লেখ্যযে আজমলৰ সৈতে মিত্ৰতাৰ পৰা দূৰত আছিল গৌৰৱ গগৈ। ২০২৪ৰ লোকসভা নিৰ্বাচনতে AIUDFক আঁতৰ কৰিছিল গৌৰৱে। তেল-পানী একেলগ নকৰাৰ পণ আছিল গৌৰৱ গগৈৰ। কিন্তু সভাপতি গৌৰৱে নিবিচাৰিলেও AIUDFৰ সহায় লাগে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাক।
কংগ্ৰেছৰ লক্ষ্য নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। আজমল, শ্বেৰমানক আহ্বান জনাই ৰিপুন বৰাই ক’লে এটা সমষ্টিত বিৰোধী প্ৰাৰ্থী এজনেই হওক। কংগ্ৰেছৰ আহ্বানৰ প্ৰতি সহাৰি লাগে AIUDF আৰু TMCক। পূৰ্বৰ দৰে নগাঁও সহজ হৈ থকা নাই বিৰোধীৰ বাবে ৷ নগাঁও সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া৷ শাসকীয় পক্ষৰ এনে ৰণকৌশলক লৈ স্বাভাৱিকতে জটিলতাত কংগ্ৰেছ ৷ সেয়ে হয়তো আজমলবাহিনীৰ সতে যোগাযোগৰ দায়িত্ব পৰিছে দলৰ জেষ্ঠ নেতা ৰিপুন বৰাৰ কান্ধত ৷ বিৰোধী শিবিৰ একলগ কৰাৰ দীঘলীয়া সময়ত অভিজ্ঞতাপুষ্ট ৰিপুন বৰা৷ ৰিপুন বৰাৰ নেতৃত্বতে ২১ ত গঠন হৈছিল মহাজোট৷ সেয়ে পুনৰবাৰ নগাঁও জয়ৰ লক্ষ্যৰে AIUDFৰ সতে হাত মিলোৱাৰ চেষ্টা কংগ্ৰেছৰ৷ কিয়নো নগাঁও সংসদীয় সমষ্টিত সংখ্যালঘু ভোট বিভাজন হ’লে সম্ভৱ নহয় বিৰোধীৰ বিজয়৷ সমষ্টিটোৰ ৮ বিধানসভা সমষ্টিৰ ৪ টা সমষ্টি শাসকীয় পক্ষৰ বিপৰীতে বাকী চাৰিটা সমষ্টি আছে বিৰোধী হাতত ৷ তেনে সময়ত সংখ্যালঘু চাৰি সমষ্টিৰ যদি ভোট বিভাজন হয তেন্তে স্বাভাৱিকতে কংগ্ৰেছে হেৰুৱাব নগাঁও ৷ নগাও উদ্ধাৰৰ লক্ষ্যৰে সেয়ে পুনৰ বাৰ AIUDF, TMC এক হোৱাৰ আহ্বান কংগ্ৰেছৰ পিছে, ২০২৪ আৰু ২০২৬ৰ নিৰ্বাচনত টেঙা খুৱাই থোৱা কংগ্ৰেছৰ এনে আহ্বানৰ প্ৰতি AIUDF, TMC কিধৰণৰ সহাৰি হয় সেয়া হব লক্ষণীয় ৷ কিযনো AIUDF আৰু TMC যে ইতিমধ্যে ঘোষণা কৰিছে দুই সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ৷ তেনে সময়ত কংগ্ৰেছৰ এনে আহ্বান হৈ পৰিছে লক্ষ্যণীয় ৷
সংখ্যালঘু ভোট বিভাজনৰ ভয়
নগাঁও সমষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ তীব্ৰ প্ৰত্যাহ্বানৰ মুখত কংগ্ৰেছৰ বাবে প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ। যদিহে AIUDF আৰু TMC-এ নিজাকৈ শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেন্তে বিজেপি বিৰোধী তথা সংখ্যালঘু ভোটসমূহ তিনিভাগত বিভক্ত হ’ব। এই বিভাজনৰ পোনপটীয়া লাভ শাসকীয় পক্ষই লাভ কৰাটো প্ৰায় নিশ্চিত। সেইবাবেই পূৰ্বৰ সকলো তিতা-মিঠা পাহৰি কংগ্ৰেছে এতিয়া আঞ্চলিক আৰু ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধিত্বকাৰী দলসমূহৰ কাষ চাপিবলৈ বাধ্য হৈছে।
বৰ্তমানৰ এই ৰাজনৈতিক যুদ্ধখনত AIUDF আৰু TMC-এ কংগ্ৰেছৰ এই আহ্বানত কেনে সঁহাৰি জনায়, সেয়া লক্ষণীয় হ’ব। কিন্তু উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ এই স্থিতিয়ে অসমৰ ৰাজীনতিত যে কোনো স্থায়ী শত্ৰু বা মিত্ৰ নাথাকে, তাকেই পুনৰ প্ৰমাণ কৰিলে।

