TMPKৰ প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ; অৰুণাচল আৰক্ষীৰ গুলীচালনা

TMPKৰ প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ; অৰুণাচল আৰক্ষীৰ গুলীচালনা

অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত ঘটনাৰ প্ৰতিবাদত টাই আহোম যুৱ পৰিষদ (TMPK)-এ গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধৰ মাজতে লিকাবালিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। অৱৰোধস্থলীত প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি অৰুণাচলৰ একাংশ লোকৰ শিলগুটি নিক্ষেপৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, অৱৰোধ চলি থকাৰ সময়তে শতাধিক অৰুণাচলী লোকে প্ৰতিবাদকাৰীসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰতিবাদকাৰীসকললৈ ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰাৰ ফলত কেইবাজনো TMPKৰ প্ৰতিবাদকাৰী আহত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰুণাচল আৰক্ষীয়ে চাৰিজাঁই গুলীচালনা কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছতে লিকাবালিৰ প্ৰতিবাদস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাৰ মাজতে ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া। দুয়োপক্ষৰ মাজত যাতে পুনৰ সংঘাতৰ সৃষ্টি নহয়, তাৰ বাবে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। ঘটনাটোত ১০জন অসমীয়া লোক আহত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি অৰুণাচলৰ ফালৰ পৰা গুলীচালনা আৰু আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ কৰিছিল অসমৰ লোকসকলে।

ঘটনাটোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুলীচালনাৰ তদন্তৰ নিৰ্দেশ দিছিল। লগতে অসমৰ ভূমি যাতে কোনো কাৰণতে এৰি দিবলগীয়া নহয়, সেই দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

মিংমাং বদতিৰ ঘটনাৰ পিছতে TMPKৰ অৰ্থনৈতিক অৱৰোধ আৰু তাৰ মাজতে লিকাবালিত পুনৰ সৃষ্টি হোৱা উত্তেজনাই অসম-অৰুণাচল সীমান্তৰ পৰিস্থিতিক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।

Related Articles