‘বিকশিত ভাৰত’ৰ সংকল্পৰে লালকিল্লাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ কি আহ্বান
দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শনিবাৰে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প পুনৰবাৰ ব্যক্ত কৰে। ১৪০ কোটি ভাৰতীয়ৰ শক্তি, সংকল্প আৰু ঐক্যই এই লক্ষ্য পূৰণৰ মূল আধাৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰতা, শক্তি সুৰক্ষা, উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দেশক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মোদীয়ে কয় যে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতে নিজকে এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো সমগ্ৰ বিশ্বৰ বাবে এক শক্তিশালী বাৰ্তা। এই লক্ষ্যই বিশ্বৰ দৃষ্টিত ভাৰতৰ ভাবমূৰ্তিকো নতুন ৰূপ দিছে বুলি তেওঁ মন্তব্য কৰে।
শক্তি সুৰক্ষাত বিশেষ গুৰুত্ব
স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ শক্তি সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। কৃত্ৰিম বুদ্ধিমত্তা (AI), ডাটা চেণ্টাৰ আৰু আধুনিক প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ বাবে ভৱিষ্যতে বিপুল পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি তেওঁ শক্তি সুৰক্ষাক বিশ্বৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা হিচাপে অভিহিত কৰে।
ভাৰত চৰকাৰে ক্ৰিটিকেল মিনাৰেলছ মিছন আৰম্ভ কৰাৰ লগতে ছেমিকণ্ডাক্টৰ, ক্ৰিটিকেল মিনাৰেলছ আৰু শক্তি খণ্ডত আত্মনিৰ্ভৰতা অৰ্জনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে।
পাৰমাণৱিক শক্তিক শক্তি সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে উল্লেখ কৰি মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতত ১০০ গিগাৱাট পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰ কথা সদৰী কৰে। লগতে পাঁচটা নতুন পাৰমাণৱিক ৰিয়েক্টৰ আৰম্ভ কৰাৰ লক্ষ্যৰ কথাও তেওঁ ঘোষণা কৰে।
বান-ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকৰ প্ৰতি সংহতি
দেশৰ বিভিন্ন প্ৰান্তত বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি সংহতি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। বিগত কেইদিনত অসম, কেৰালা, উত্তৰাখণ্ড আৰু নাগালেণ্ডকে ধৰি কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে তেওঁলোকৰ দুখ-কষ্ট উপলব্ধি কৰিছে।
সমগ্ৰ দেশ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দি প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ সময়ত ঐক্যবদ্ধভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান জনায়।
পাঁচ দশকৰ অসম্পূৰ্ণ কাম ৫-৭ বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য
ভাৰতৰ আত্মনিৰ্ভৰ যাত্ৰাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে বিগত ১০-১২ বছৰত দেশবাসীয়ে নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। বিগত পাঁচ দশকতো সম্পূৰ্ণ নোহোৱা বহু কাম অহা ৫-৭ বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে দেশ আগবাঢ়িব লাগিব বুলি তেওঁ মন্তব্য কৰে।
ইয়াৰ লগতে ভাৰতৰ সাগৰীয় সম্পদ আৰু ছীফুড খণ্ডত বিশ্ববজাৰত দেশৰ বাবে বৃহৎ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে।
সংকট মোকাবিলাত আত্মনিৰ্ভৰ ভাৰত
আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পেট্ৰ’ল, ডিজেল, সাৰ, ঔষধ আৰু প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ সম্পদ কেতিয়াবা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। এনে পৰিস্থিতিত আত্মনিৰ্ভৰতাৰ মন্ত্ৰ গ্ৰহণ নকৰিলে ভাৰতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন বুলি তেওঁ মন্তব্য কৰে।
দেশৰ কৌশলগত প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে ঘৰুৱা উৎপাদন আৰু প্ৰযুক্তিগত সক্ষমতা বৃদ্ধি কৰাত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ দাঙি ধৰে।
নক্সালবাদ নিৰ্মূলৰ দাবী
নক্সালবাদ-মাওবাদে দেশৰ বহু পৰিয়াল ধ্বংস কৰা বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চাৰি দশক ধৰি এই হিংসাত্মক মতাদৰ্শই দেশৰ বৃহৎ অংশৰ জনসাধাৰণক প্ৰভাৱিত কৰিছিল। ২০১৪ চনৰ পিছত চৰকাৰে নক্সালবাদ নিৰ্মূলৰ সংকল্প গ্ৰহণ কৰিছিল আৰু এতিয়া সেই লক্ষ্যৰ দিশত দেশ আগবাঢ়িছে বুলি তেওঁ দাবী কৰে।
অস্ত্ৰধাৰী নক্সালবাদৰ প্ৰভাৱ হ্ৰাস পাইছে যদিও একাংশ লোকে এতিয়াও দেশক হিংসাৰ দিশে ঠেলিবলৈ চেষ্টা কৰি আছে বুলি উল্লেখ কৰি তেওঁ এনে শক্তিক চিনাক্ত কৰি পৃথক কৰাৰ প্ৰয়োজনীয়তাৰ কথা কয়।
‘শক্তিৰ সপ্তধাৰা’ৰে উৎপাদন বৃদ্ধিৰ আহ্বান
দেশৰ উৎপাদন আৰু নিৰ্মাণ খণ্ডক অধিক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘শক্তিৰ সপ্তধাৰা’ৰ আহ্বান জনায়। কেৱল বৃহৎ সামগ্ৰী উৎপাদন কৰাই নহয়, সৰু সৰু উপাদানৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ মূল্য শৃংখলাত ভাৰতৰ অধিকাৰ থাকিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
ডিজাইনৰ পৰা উৎপাদনলৈকে ভাৰতক বিশ্বব্যাপী যোগান শৃংখলাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আহ্বান জনাই মোদীয়ে গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ নকৰিবলৈ কয়। ‘জিৰ’ ডিফেক্ট’ সামগ্ৰী ভাৰতৰ পৰিচয় হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে।
বিশ্ব নেতৃত্বত ভাৰতীয় প্ৰতিষ্ঠানৰ অংশগ্ৰহণ
ভাৰতীয় কোম্পানী, বেংক, ফাৰ্মা আৰু একাউণ্টিং প্ৰতিষ্ঠানসমূহক বিশ্বৰ শীৰ্ষস্থানলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথাও ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ফৰ্চুন-৫০০ কোম্পানীৰ তালিকাত অধিক ভাৰতীয় কোম্পানী, বিশ্বৰ শীৰ্ষ বেংকৰ ভিতৰত অধিক ভাৰতীয় বেংক আৰু বিশ্বৰ বৃহৎ ফাৰ্মা কোম্পানীৰ ভিতৰত ভাৰতীয় প্ৰতিষ্ঠান থকাৰ লক্ষ্য নিৰ্ধাৰণৰ আহ্বান জনায়।
বিশ্বৰ নেতৃত্ব ভাৰতৰ হাতত থকাটো সময়ৰ দাবী বুলি উল্লেখ কৰি মোদীয়ে এই লক্ষ্য পূৰণৰ বাবে ৰাজ্য চৰকাৰ আৰু স্থানীয় স্বায়ত্তশাসিত পৰিষদসমূহকো উন্নয়নৰ কামৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়।
সামগ্ৰিকভাৱে, স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ৰ ‘বিকশিত ভাৰত’ৰ লক্ষ্যক কেন্দ্ৰ কৰি শক্তি সুৰক্ষা, আত্মনিৰ্ভৰতা, উৎপাদন, প্ৰযুক্তি, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বিশ্ব অৰ্থনীতিত ভাৰতৰ নেতৃত্বক আগুৱাই নিয়াৰ এক বিস্তৃত ৰূপৰেখা দাঙি ধৰে।

