‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শনিবাৰে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী সেৱা সৰলীকৰণ আৰু সুশাসন নিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা পেণ্ডিং ফাইলসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ উদ্দেশ্যে ‘মিছন সদ্ভাৱনা’ আৰু ‘প্ৰজেক্ট সদ্ভাৱনা’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ ঘোষণামতে, ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলক লৈ এই বিশেষ মিছন আৰু প্ৰজেক্ট গঠন কৰা হ’ব। অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ পৰা ‘মিছন মুড’ত এই অভিযান আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়সমূহত পেণ্ডিং হৈ থকা প্ৰতিটো ফাইল নিষ্পত্তিৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

ৰাইজৰ ধৈৰ্য পৰীক্ষা নকৰিবলৈ সকীয়নি

ৰাইজৰ কাম সময়মতে সম্পূৰ্ণ নকৰা আৰু ফাইল অযথা পলম কৰা বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ মনোভাৱ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক সকীয়াই দি তেওঁ কয় যে ডিজিটেল যুগত ৰাইজে আৰু চৰকাৰী কামত অযথা পলম বা খেলিমেলি সহ্য নকৰে।

মুখ্যমন্ত্ৰীয়ে কয়, “চৰকাৰী বিষয়া-কৰ্মচাৰীক মই আকৌ সকীয়াই দিছোঁ। ৰাইজৰ আৰু ধৈৰ্য পৰীক্ষা নল’ব। এই ডিজিটেল যুগত ৰাইজে আৰু পলম বা চৰকাৰী খেলিমেলি সহ্য কৰি নাথাকে।”

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে চৰকাৰী বিষয়া-কৰ্মচাৰীসকল ৰাইজৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত হ’ব লাগিব। জনসাধাৰণৰ কাম-কাজ ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি গ্ৰহণ কৰা নহ’ব বুলিও তেওঁ ইংগিত দিয়ে।

ডিজিটেল প্ৰশাসন আৰু নাগৰিককেন্দ্ৰিক সেৱাত গুৰুত্ব

স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিজিটেল প্ৰশাসন আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰশাসনিক ব্যৱস্থাক অধিক স্বচ্ছ, কাৰ্যক্ষম আৰু জনসাধাৰণৰ প্ৰতি জবাবদিহি কৰি তোলাৰ বাবে বিষয়াসকলক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।

‘মিছন সদ্ভাৱনা’ আৰু ‘প্ৰজেক্ট সদ্ভাৱনা’ৰ জৰিয়তে দীৰ্ঘদিন ধৰি পেণ্ডিং হৈ থকা ফাইলসমূহৰ নিষ্পত্তি কৰাৰ লগতে চৰকাৰী কাম-কাজৰ গতি বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এই পদক্ষেপে সাধাৰণ নাগৰিকৰ চৰকাৰী সেৱা লাভৰ ক্ষেত্ৰত হোৱা বিলম্ব হ্ৰাস কৰাৰ লগতে প্ৰশাসনত জবাবদিহিতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যৰ চৰকাৰী প্ৰশাসনক অধিক ক্ষিপ্ৰ, স্বচ্ছ আৰু ৰাইজমুখী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ অগ্ৰাধিকাৰ স্পষ্ট কৰিলে।

Related Articles