ৰাজ্যৰ কৃষকসকলৰ বাবে নতুন পদক্ষেপ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বছৰৰ পৰা প্ৰদান কৰা হ’ব ‘মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা’। শিক্ষিত যুৱক-যুৱতী কৃষিখণ্ডৰ সৈতে জড়িত হ’লে তেওঁলোকক ১ লাখ টকাকৈ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধাও প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে চলিত বৰ্ষত ১ হাজাৰ শিক্ষিত কৃষকক এই বঁটা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। অহা পাঁচ বছৰত এই সংখ্যা ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। কৃষিখণ্ডলৈ শিক্ষিত যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লগতে কৃষিক অধিক লাভজনক আৰু আধুনিক কৰি তোলাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
ইফালে ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত কেৱল অসমৰ খিলঞ্জীয়া লোকেহে মাটি ক্ৰয়-বিক্ৰয় কৰিব পৰা ব্যৱস্থা কৰাৰ বাবে এখন শক্তিশালী আইন অনাৰ কথা তেওঁ উল্লেখ কৰে। এই ৰাজহ চক্ৰসমূহৰ অধিকাংশ নামনি অসমত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ধুবুৰী, বৰপেটা আৰু গোৱালপাৰাকে ধৰি অঞ্চলসমূহত থকা ভূমি সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।
লোকপিয়লৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বৰাক উপত্যকা আৰু জনজাতীয় লোকসকলক বাদ দি আন লোকসকলক লোকপিয়লত মাতৃভাষা হিচাপে অসমীয়া উল্লেখ কৰিবলৈ আহ্বান জনায় তেওঁ। অবিভক্ত চিলেট, ৰাজস্থান বা ভাৰতৰ আন যিকোনো প্ৰান্তৰ পৰা অসমলৈ অহা লোকসকলেও নিজকে অসমীয়া হিচাপে পৰিচয় দি মাতৃভাষা অসমীয়া বুলি উল্লেখ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
তেওঁ কয় যে অসমীয়া ভাষাক কোনোবাই ‘ব্লেকমেইল’ কৰিব নোৱাৰে। লোকপিয়লে এক বৃহৎ জাতিসত্তাৰ পৰিচয় গঢ়ি তোলাৰ সুযোগ দিছে বুলি উল্লেখ কৰি এই সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।
আনহাতে, আগন্তুক পাঁচ বছৰত ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ন্যূনতম ১ লাখ কোটি টকা অহাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে নিজাকৈ প্ৰায় ৫০ হাজাৰ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছে। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই বিনিয়োগে ৰাজ্যৰ সামগ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

