সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন, সৃষ্টি আৰু বহুমুখী কৰ্মৰাজিক কেন্দ্ৰ কৰি বিশিষ্ট লেখক তথা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মাণিক চন্দ্ৰ শৰ্মাই ৰচনা কৰা আৰু পুৰুলিল প্ৰকাশন, গুৱাহাটী-৩ প্ৰকাশ কৰি উলিওৱা নতুন গ্ৰন্থ ‘মহাকাশে দিলে মোক বিশাল দৃষ্টি’ ২৭ আগষ্ট, বৃহস্পতিবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।
গ্ৰন্থখন বঙাইগাঁৱৰ বিশিষ্ট লেখক মাণিক চন্দ্ৰ শৰ্মাৰ ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি ৰচনা কৰা বিভিন্ন কবিতা আৰু প্ৰবন্ধৰ সংকলন। ইয়াৰ উপৰি ড° ভূপেন হাজৰিকাৰ সৈতে সম্পৰ্কিত বিভিন্ন বিশিষ্ট ব্যক্তিৰ বক্তব্য, উক্তি আৰু সংবাদ মাধ্যমত প্ৰকাশিত নিৰ্বাচিত বাতৰিও গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। সুধাকণ্ঠৰ জীৱন আৰু কৰ্মৰাজিৰ বিভিন্ন দিশক একেলগে সংৰক্ষণ আৰু পাঠকৰ সন্মুখত উপস্থাপন কৰাৰ প্ৰয়াস হিচাপে গ্ৰন্থখনে বিশেষ গুৰুত্ব বহন কৰিছে।
অনুষ্ঠানত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দীনেশ দাসে। অনুষ্ঠানটোত সভাপতিত্ব কৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত শৰ্মাই। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পুলকেশ দাস আৰু ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক শ্ৰীমতী গীতা দেৱী।
অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকা আৰু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি পুষ্পাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে উপস্থিত সকলোৱে মিলি ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীতটি সমবেতভাৱে পৰিৱেশন কৰে। এই পৰিৱেশনে সমগ্ৰ অনুষ্ঠানটোত এক আবেগিক আৰু স্মৰণীয় পৰিৱেশৰ সৃষ্টি কৰে।
গ্ৰন্থ উন্মোচন কৰি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দীনেশ দাসে লেখক মাণিক চন্দ্ৰ শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লয়। ড° দাসে কয় যে ভূপেন হাজৰিকাৰ দৰে এগৰাকী বহুমাত্ৰিক ব্যক্তিত্বৰ বিভিন্ন সৃষ্টি আৰু কৰ্মৰাজি সংগ্ৰহ কৰি নথিভুক্ত কৰাটো যথেষ্ট কষ্টসাধ্য কাম। লেখকে নিষ্ঠা আৰু পৰিশ্ৰমেৰে এই কামটো সম্পন্ন কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভৱিষ্যতেও মাণিক চন্দ্ৰ শৰ্মাই এনে গুৰুত্বপূৰ্ণ বিষয়ক লৈ সাহিত্য আৰু তথ্যভিত্তিক কাম অব্যাহত ৰাখিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
সন্মানীয় অতিথি ড° পুলকেশ দাসে তেওঁৰ বক্তব্যত গ্ৰন্থখনৰ বাবে লেখকৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মক লৈ ইতিমধ্যে বিভিন্ন দিশৰ পৰা অধ্যয়ন আৰু গৱেষণা চলি আছে। মাণিক চন্দ্ৰ শৰ্মাৰ এই গ্ৰন্থখনে ভৱিষ্যতে ড° ভূপেন হাজৰিকাক গণযোগাযোগ আৰু সাংবাদিকতাৰ দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰিব বিচৰা গৱেষকসকলকো সহায় কৰিব পাৰে। বিশেষকৈ ভূপেন হাজৰিকাৰ সৃষ্টি, জনসম্পৰ্ক, সংবাদ মাধ্যমৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু জনমানসত তেওঁৰ প্ৰভাৱ আদি বিষয়ত গৱেষণা কৰাৰ ক্ষেত্ৰত এনে সংগৃহীত সমল সহায়ক হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।
আন এগৰাকী সন্মানীয় অতিথি শ্ৰীমতী গীতা দেৱীয়ে গ্ৰন্থখনৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰি লেখকৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ গ্ৰন্থখনৰ বৰ্ণশুদ্ধিৰ দায়িত্ব পালন কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি গ্ৰন্থখন প্ৰস্তুত কৰাৰ সময়ত লেখকৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ কথা উল্লেখ কৰে। ভূপেন হাজৰিকাৰ দৰে এগৰাকী মহান শিল্পীৰ কৰ্মৰাজি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰন্থখনে এক উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
সভাপতিৰ ভাষণত জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত শৰ্মাই ড° ভূপেন হাজৰিকাৰ অসমৰ সমাজ-জীৱন আৰু সংস্কৃতিত থকা গভীৰ প্ৰভাৱৰ কথা উল্লেখ কৰাৰ লগতে লেখক মাণিক চন্দ্ৰ শৰ্মাৰ এই প্ৰচেষ্টাক আদৰণি জনায়। তেওঁ এনে গ্ৰন্থৰ জৰিয়তে নতুন প্ৰজন্মই ভূপেন হাজৰিকাৰ সৃষ্টি আৰু চিন্তাধাৰাৰ সৈতে অধিক গভীৰভাৱে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব বুলি মত প্ৰকাশ কৰে।
গ্ৰন্থখনৰ লেখক মাণিক চন্দ্ৰ শৰ্মাই নিজৰ বক্তব্যত ড° ভূপেন হাজৰিকাৰ প্ৰতি থকা তেওঁৰ গভীৰ অনুৰাগৰ কথা স্মৰণ কৰে। তেওঁ কয় যে ২০১১ চনত সুধাকণ্ঠৰ বিয়োগৰ পিছৰে পৰা ড° ভূপেন হাজৰিকাক লৈ এখন গ্ৰন্থ প্ৰকাশ কৰাৰ এক আকাংক্ষা তেওঁ মনত কঢ়িয়াই লৈ ফুৰিছিল। সেই সময়ৰ পৰাই গ্ৰন্থখনৰ কাম একপ্ৰকাৰৰ ‘বোজা’ হিচাপে নিজৰ মনত কঢ়িয়াই অহাৰ কথা উল্লেখ কৰি লেখকে কয় যে দীঘলীয়া সময়ৰ প্ৰচেষ্টা, তথ্য সংগ্ৰহ আৰু লেখাৰ অন্তত আজি গ্ৰন্থখন সম্পূৰ্ণ কৰি পাঠকৰ হাতত তুলি দিব পাৰি তেওঁ যথেষ্ট স্বস্তি অনুভৱ কৰিছে। ড° ভূপেন হাজৰিকাৰ সংগীত আৰু ব্যক্তিত্বৰ প্ৰতি থকা নিজৰ গভীৰ শ্ৰদ্ধা আৰু অনুৰাগৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে সুধাকণ্ঠক লৈ এখন গ্ৰন্থ লিখাৰ ইচ্ছা তেওঁৰ বহুদিনীয়া। সেই ইচ্ছাক বাস্তৱ ৰূপ দিবলৈ যোৱা কেইবাবছৰ ধৰি তেওঁ বিভিন্ন কবিতা, প্ৰবন্ধ, বক্তব্য আৰু সংবাদ-সমল সংগ্ৰহ কৰি আহিছিল। অৱশেষত সেই সকলো প্ৰচেষ্টাৰ ফল ‘মহাকাশে দিলে মোক বিশাল দৃষ্টি’ৰ ৰূপত পাঠকৰ হাতত অৰ্পণ কৰিবলৈ সক্ষম হোৱাটো তেওঁৰ বাবে এক বিশেষ সন্তুষ্টিৰ বিষয় বুলি তেওঁ উল্লেখ কৰে।
অনুষ্ঠানত বঙাইগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক, সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তি আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উপস্থিত বিভিন্ন বক্তাই গ্ৰন্থখনৰ বিষয়বস্তু আৰু লেখকৰ প্ৰচেষ্টাৰ ওপৰত মূল্যৱান বক্তব্য আগবঢ়োৱাৰ লগতে ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজি নথিভুক্ত কৰাৰ ক্ষেত্ৰত গ্ৰন্থখনৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে। বক্তাসকলে লেখক মাণিক চন্দ্ৰ শৰ্মাৰ এই শ্ৰমসাধ্য আৰু প্ৰশংসনীয় উদ্যোগৰ শলাগ লয়।
শেষত লেখক মাণিক চন্দ্ৰ শৰ্মাই উপস্থিত সকলো অতিথি, সাংবাদিক, বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদসূচক বক্তব্য আগবঢ়ায়। তেওঁৰ শলাগৰ শৰাইৰ পিছতে জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

