অসমৰ প্ৰথম মহিলা IAS বিষয়া হিচাপে যুটীয়া সচিব পদত নিযুক্তি লাভ ড° বৰ্ণালী ডেকাৰ

অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে নলবাৰী জিলাৰ মুকালমুৱাৰ দাগাপাৰা নিবাসী তথা অসম চৰকাৰৰ জ্যেষ্ঠ IAS বিষয়া ড° বৰ্ণালী ডেকাই। ভাৰত চৰকাৰৰ যুটীয়া সচিব (Joint Secretary) পদত নিযুক্তি লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে পৰিগণিত হৈছে ড° ডেকা। কেন্দ্ৰীয় চৰকাৰে যোৱা কালি এমপেনেলমেণ্টৰ অনুমোদন জনায়। জানিব পৰা মতে, কেন্দ্ৰীয় ডেপুটেশ্যনলৈ যোৱাৰ পূৰ্বে ড° ডেকাই অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ (GAD)ৰ আয়ুক্ত আৰু সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০২৫ চনৰ আগষ্ট মাহত তেওঁ কেন্দ্ৰীয় ডেপুটেশ্যনত যোগদান কৰে। অসম কেডাৰৰ ২০০৯ বেটচৰ IAS বিষয়া ড° ডেকাই নিজৰ কৰ্মজীৱনত পাঁচখন জিলা – বৰপেটা,গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰীত উপায়ুক্ত হিচাপে সেৱা আগবঢ়াইছে। ইয়াৰ উপৰিও গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ (GMDA) উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া, অসম দক্ষতা বিকাশ মিছন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ পৰিচালন সঞ্চালক, সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে।


স্বাস্থ্য, নগৰ উন্নয়ন, বিটিচি, দক্ষতা, নিয়োগ আৰু উদ্যমিতা উন্নয়ন বিভাগৰ সচিব হিচাপেও তেওঁ দায়িত্ব পালন কৰিছে। প্ৰশাসনিক সেৱালৈ অহাৰ পূৰ্বে ড° ডেকাই টাটা কনছালটেন্সি চাৰ্ভিচেছ (TCS) আৰু ANZ বেংকত বিজনেছ এনালিষ্ট হিচাপে কাম কৰিছিল। তেওঁ UPSC পৰীক্ষাত প্ৰথমে IPSৰ বাবে ৮২ নং ৰেংক আৰু পিছত IAS ৰ বাবে ১৬ নং ৰেংক লাভ কৰিছিল।প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা, ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটাকে ধৰি বহু ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে। ড° ডেকা কম্পিউটাৰ বিজ্ঞানত BTech, MBA, LLB আৰু বাণিজ্যত PhD ডিগ্ৰীধাৰী। তেওঁ মেট্ৰিক পৰীক্ষাত ৰাজ্যত প্ৰথম স্থান লাভ কৰিছিল। অসমৰ সুযোগ্য সন্তান ড° বৰ্ণালী ডেকাৰ পিতৃ কমলেশ ডেকা সীমান্ত সুৰক্ষা বাহিনীৰ বি এছ এফৰ, দূৰসংযোগ বিভাগৰ উপ সঞ্চালক প্ৰধান দায়িত্বত আছিল।

Related Articles