ক্ষেত্ৰীত পুনৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল নৈশ বাছ

ক্ষেত্ৰীত পুনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

ক্ষেত্ৰীৰ উলনিত ভয়ংকৰ পথ দুৰ্ঘটনা।

পুৱাই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে এখন নৈশ বাছ।

গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী আছিল বাছখন।

দুৰ্ঘটনাৰ ফলত কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ।

এগৰাকী মহিলা যাত্ৰী গুৰুতৰভাৱে আহত।

আন কেইবাগৰাকীও যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত ক্ষেত্ৰী যান-বাহন আৰক্ষী।

আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।

Related Articles