আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি।
সমগ্ৰ ৰাজ্যবাসীয়ে আজি উদযাপন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱ গুৰুজনাৰ তিথি।
এয়া,পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ।
আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে হাতে হাতে শৰাই নৈবদ্য লৈ অক্ষয় বন্তিৰ সেৱা লৈছে।
ইপিনে নামঘৰ পৰিচালনা সমিতিয়েও সৰ্ব মংগলৰ অৰ্থে এখনি শৰাই, অক্ষয় বন্তি তেল আগবঢ়াইছে।
পুৱাৰ প্ৰসংগ ইতিমধ্যে সমাপন হৈছে আৰু বৰ্তমান নামঘৰৰ চৌহদত থকা মাধৱদেৱ সংগীত বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে এইদৰে মাধৱদেৱ বিৰচিত বৰগীত, দিহানাম পৰিবেশন কৰি সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তুলিছে।

