ৰাজ্যিক ক্ৰীড়া দিৱস উপলক্ষে সৰু সজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগনত তিনি ছেপ্টেম্বৰ গধূলি ক্ৰীড়া আৰু সংস্কৃতিৰ এক বণাঢ্য কাৰ্যসূচি অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি গুৱাহাটী মহৰ্ষি বিদ্যালয় শিলপুখুৰীৰ ছাত্ৰী খুশী কাশ্যপক ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এন চি চি ২০২৬-২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা প্ৰদান কৰে।
বঁটাত আছে গামোছা, মানপত্ৰ, মেডেল লগতে পচিশ হাজাৰ টকাৰ চেক। ৰাজ্যিক ক্ৰীড়া দিৱস উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানত ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও যুৱ প্ৰজন্মৰ প্ৰতিনিধি আৰু ৰাজ্যখনৰ কেইবাটাও প্ৰতিষ্ঠানক পুৰস্কৃত কৰা হয়। ক্ৰীড়া ক্ষেত্ৰৰ ভালেমান বিশিষ্ট ব্যক্তি, বঁটা প্ৰাপক, অভিভাৱক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত সন্মান গ্ৰহণ কৰি ছাত্ৰী খুচি কাশ্যপে এন চি চি ৰ তেওঁৰ গুৰু নমিতা দাস আৰু অমৃতা গগৈৰ শলাগ লয়।
উল্লেখ্য যে গুৱাহাটী খাৰঘূলি নিবাসী কমলাকান্ত ডেকা আৰু সবিতা বৰা ডেকাৰ কন্যা খুচি কাশ্যপে বিগত বৰ্ষত গনতন্ত্ৰ দিৱস উপলক্ষে দিল্লীত অনুষ্ঠিত আৰ ডি চি কেম্পত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধী হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

