আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে। বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে ৰংপুৰ-শিৱসাগৰক। বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে ১৯ জুনত ভাৰত চৰকাৰৰ তৰফৰ পৰা মনোনয়ন দাখিল। অসমৰ ঐতিহ্যক বিশ্বত প্ৰতিষ্ঠাৰ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে –
‘অসমৰ ইতিহাস আৰু ঐতিহ্যৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন৷ প্ৰায় ছশ বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰৱধি শাসনভাৰ চলোৱা আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ এতিয়া বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে এখোজ আগবাঢ়িছে। ১৯ জুন ২০২৬ত ভাৰতৰ তৰফৰ পৰা এই ঐতিহাসিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অনন্য স্থাপত্য কাৰু-কৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই গৌৰৱ।
২০২৪ চনত চৰাইদেউৰ মৈদামে লাভ কৰা বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পাছত ৰংপুৰ–শিৱসাগৰক লৈ এই পদক্ষেপে আহোম সভ্যতাৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত আৰু অধিক উজলাই তুলিব।
চৰাইদেউত আহোম ৰাজবংশৰ স্মৃতি, শিৱসাগৰত তেওঁলোকৰ শাসনৰ গৌৰৱ– দুয়ো মিলি সমৃদ্ধ কৰি আহিছে অসমৰ আহোম ইতিহাসৰ মহাগাথা। অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমৰ জনসাধাৰণৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’

