ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো ৬৫ সংখ্যক শিক্ষক দিৱস উলহ-মালহেৰে পালন কৰা হয়। দাৰ্শনিক পণ্ডিত তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলে এই বিশেষ অনুষ্ঠানটিৰ আয়োজন কৰে।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সমূহীয়া চাফাই অভিযান চলোৱা হয়। পৰৱৰ্তী সময়ত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা মূল অনুষ্ঠানটিৰ শুভাৰম্ভণি হিচাপে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই বন্তি প্ৰজ্বলন কৰে। প্ৰশিক্ষাৰ্থীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ ড° বৰাই। অনুষ্ঠানটিৰ সুন্দৰভাৱে আঁত ধৰে প্ৰশিক্ষাৰ্থী লাকী দত্তই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বিতু হাজৰিকাই।

সভাত নিজৰ চমু বক্তব্যত অধ্যক্ষ ড° বৰাই সমগ্ৰ শিক্ষক সমাজলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক শিক্ষাৰ গুৰুত্ব আৰু ভৱিষ্যতৰ কৰ্তব্য সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ প্ৰশিক্ষকসকলেও প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।
ইয়াৰ পিছতে ন-পুৰণি প্ৰশিক্ষাৰ্থীসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰশিক্ষাৰ্থী লাকী দত্ত, ঋতুষ্ণা চুতীয়া আদিৰ গীত পৰিৱেশন আৰু অনামিকা দত্তৰ কবিতা আবৃত্তিৰে অনুষ্ঠানটি অধিক জীপাল হৈ পৰে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বিতু হাজৰিকাৰ নেতৃত্বত প্ৰশিক্ষাৰ্থীসকলে শিক্ষাগুৰুসকলৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনোৱাৰ লগতে শিক্ষক দিৱসৰ সাৰ্থকতা প্ৰতিপন্ন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী প্ৰণৱ বৰুৱাই ৷
আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মহাবিদ্যালয়ৰ প্ৰশিক্ষকসকল ক্ৰমে ৰুমী গগৈ, সংগীতা শইকীয়া, মীনাক্ষী সেনাপতি, নৱজ্যোতি শইকীয়া, নিতুমণি মেধি, অসীম জ্যোতি গগৈ, পাৰ্থ প্ৰতিম বৰা, লীনা বুঢ়াগোহাঁই, অচ্যুত শৰ্মা, ধনৰঞ্জন হাজৰিকা, কৰবী বুঢ়াগোহাঁই, হিমাদ্ৰী দত্ত, সজীৱ গগৈ আৰু তুতুল প্ৰসাদৰ লগতে কৰ্মচাৰীসকল ক্ৰমে অমৃত জ্যোতি খনিকৰ, বুবুল দত্ত, পাপু বৰুৱা, চন্দ্ৰজিৎ শইকীয়া, প্ৰাণজিৎ লাহন, বিদ্যাধৰ বৰুৱা, শৈলেন দুৱৰা, প্ৰণৱ ছত্ৰধৰা আৰু ৰাজদীপ বৰুৱা প্ৰমুখ্যে প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে৷

