অসমত মাখনা খেতিৰ অপাৰ সম্ভাৱনা : মন্ত্ৰী পীয়ুষ হাজৰিকা, ক্ষেত্ৰীৰ বামফৰস্থিত “অসম মাখনা উদ্যোগ” পৰিদৰ্শন

‘ভোকেল ফৰ লোকেল’ আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে উদ্যোগৰ কাম-কাজ আৰু উৎপাদিত সামগ্ৰীৰ গুণগত মান পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে ক্ষেত্ৰীৰ বামফৰত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মাখনা খেতি তথা উদ্যোগ ‘অসম মাখনা উদ্যোগ’ পৰিদৰ্শন কৰে ৰাজ্যৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই।


পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে মাখনা উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ ব্যৱসায়িক সম্ভাৱনা আৰু কৃষকৰ বাবে থকা লাভালাভৰ বিষয়ে অৱগত হয়। অসমৰ কৃষকসকলে পৰম্পৰাগত খেতিৰ সমান্তৰালভাৱে মাখনা খেতিৰ জৰিয়তে অধিক উপাৰ্জন কৰিব পাৰিব বুলি মন্তব্য কৰি তেওঁ কৃষকসকলক নতুন এই খেতিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায়।
মন্ত্ৰী হাজৰিকাই কয় যে ঘৰৰ চৌহদত থকা মাছ পোহা পুখুৰীৰ পাৰতো মাখনা খেতি কৰিব পৰা যায়। পুখুৰীত মাছ পালনৰ লগতে মাখনা খেতি কৰি কৃষকসকলে অতিৰিক্ত উপাৰ্জন কৰিব পাৰে। দুবিঘা মাটি থাকিলে এবিঘা মাটিত মাখনা খেতি কৰাৰ লগতে বাকী অংশত অন্যান্য খেতি কৰাৰ সুযোগ আছে বুলিও তেওঁ উল্লেখ কৰে।


অসমত মাখনা খেতিৰ যথেষ্ট সম্ভাৱনা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বহু বিল, খাল আৰু নদী আছে। তেনে জলাশয়সমূহত মাখনা উৎপাদনৰ সম্ভাৱনা আছে। আনকি পুখুৰীতো এই খেতি কৰিব পৰা যায়। মাখনা খেতিত অত্যধিক সাৰৰ প্ৰয়োজন নহয় আৰু বানপানীৰ ফলতো সহজে নষ্ট নহয়। জীৱ-জন্তুৱেও সাধাৰণতে এই খেতি নাখায়। সেয়েহে অসমৰ জলবায়ু আৰু ভৌগোলিক পৰিৱেশ মাখনা খেতিৰ বাবে যথেষ্ট উপযোগী বুলি তেওঁ মত প্ৰকাশ কৰে।


মন্ত্ৰী হাজৰিকাই লগতে কয় যে পৃথিৱীৰ ভিতৰত সৰ্বাধিক মাখনা উৎপাদন হোৱা ৰাজ্য হৈছে বিহাৰ। অসমৰ কৃষকসকলকো নতুন নতুন লাভজনক খেতিৰ সৈতে পৰিচয় কৰাই দি তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে চৰকাৰে গুৰুত্ব দি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাখনা খেতিৰ সম্ভাৱনাৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ তেওঁক দায়িত্ব দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


“অসমক কৃষিৰ ক্ষেত্ৰত আৰু অধিক আগুৱাই নিব লাগিব। কৃষকৰ উপাৰ্জন দুগুণ নহয়, পাঁচগুণ কৰাৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব। তেতিয়াহে অসম প্ৰকৃত অৰ্থত আগুৱাই যাব,” বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে।
ইপিনে, অসমত আগৰ খেতিৰ জৰিয়তেও কৃষকসকলে যথেষ্ট লাভৱান হ’ব পাৰে বুলি উল্লেখ কৰি কৃষিৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সন্ধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মাখনা খেতি তথা উদ্যোগ পৰিদৰ্শনৰ সময়ত মন্ত্ৰী পীয়ুষ হাজৰিকাক সংগ দিয়ে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসৰ লগতে কৃষি বিভাগৰ কেইবাগৰাকীও বিষয়াই।

Related Articles