ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে বৰপেটা জিলাত অসম আৰক্ষীৰ অভিযানঃ ২৬জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে বৰপেটা জিলাত অসম আৰক্ষীৰ অভিযান। বৰপেটাৰ বৰপেটা, বাঘবৰ, কলগাছিয়া, সৰ্থেবাৰী আৰু তাৰাবাৰী আৰক্ষীয়ে অভিযান চলাই মুঠ ২৬জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা থানাই ৯ জন, বাঘবৰ থানাই ২ জন, কলগাছিয়া থানাই ১১ জন, তাৰাবাৰী থানাই ৩জন আৰু সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে ১ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে । ইপিনে বৰপেটা সদৰ থানাই নলবাৰী আৰু মঙলদৈৰ লগতে বৰপেটাৰ বিভিন্ন স্থানত অভিযান চলাই মুঠ ৯জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে।

বৰপেটা সদৰ থানাই গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চক কেইজন হৈছে ভেড়ালদী গাঁওৰ পাচান আলী, বনিয়াপাৰা গাঁওৰ জমিৰ আলী,
পালহাজী গাঁওৰ আব্দুল মালেক, ৰহমপুৰ গাঁওৰ হাছমত আলী, বৰপেটা আজাদ নগৰৰ আফলুজ মজুমদাৰ, গৰেমাৰি গাঁওৰ আব্দুচ চত্তৰ আহমেদ, মেটুৱাকুছি জনীয়াৰোডৰ নিতুল দাস মঙলদৈৰ ভকেলীমাৰী গাঁওৰ ৰাজু আলী আৰু
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কালাৰ চৰৰ হাইদৰ আলী।

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ শাখা)সমীৰণ বৈশ্যই জানিবলৈ দিয়া অনুসৰি গ্ৰেপ্তাৰ হোৱা লোকসকল বিভিন্ন ধৰণৰ ঠগ-প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত। অভিযোগ অনুসৰি, লোকসকলে বিভিন্ন সময়ত নিৰীহ লোকক ছলাহী কথাৰে প্ৰলোভিত কৰি প্ৰৱঞ্চনা কৰি আহিছিল। এই সন্দৰ্ভত পৰৱৰ্তী সময়তো ঠগ-প্ৰৱঞ্চনাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জনাইছে অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।

ইফালে, আটকাধীন লোককেইজনক বৰ্তমান বৰপেটা সদৰ আৰক্ষী থানাত সোধা-পোছা অব্যাহত আছে। বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) সমীৰণ বৈশ্যই জনোৱামতে, তদন্ত আগবঢ়াৰ লগে লগে গ্ৰেপ্তাৰৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related Articles