সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কৃষক সকলৰ জীৱনলৈ দৰিদ্ৰতা নামি আহিছে। ৰাজ্য খনৰ লগতে মৰিগাঁৱতো কৃষিজীৱি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি আশাৰে কৰা খেতি বজাৰ নোহোৱাত পথাৰতে গেলি পচি শুকাই যোৱাত কৃষক ৰাইজৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। মৰিগাঁৱৰ এজন উদ্যমী খেতিয়কে উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি এতিয়া বিক্ৰীৰ অভাৱত সৰ্বস্বান্ত হৈ পৰিছে। মৰিগাঁও জিলাৰ বেতনি গাঁৱৰ প্ৰভাকৰ পোণা ডেকা নামৰ এজন যুৱকে উন্নত দেশৰ সুস্বাদু তথা সুষম ফল ড্ৰেগনৰ খেতিয়ে স্বাৱলম্বী হোৱাৰ স্বপ্ন দেখি প্ৰায় চাৰি একৰ মাটিত ড্ৰেগন খেতি আৰম্ভ কৰিছিল। মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাই বুকুত অযুত সপোন লৈ স্বাৱলম্বী হোৱা আশাৰে কৰা ড্ৰেগনৰ খেতি লমালমে ফল ধৰিছে। কিন্তু ক’ৰোনা মহামাৰীয়ে সমগ্ৰ ৰাজ্যখনত ত্ৰাসৰ সৃষ্টি কৰাত বজাৰ সমূহ বন্ধ হৈ পৰিল। লাখ লাখ টকা খৰচ কৰি স্বাৱলম্বী হোৱা সপোন দেখা মৰিগাঁৱৰ প্ৰভাকৰ জীৱনলৈ নামি আহিছে অমানিশা। মৰিগাঁৱৰ উদ্যমী যুৱ খেতিয়ক জনে উন্নত দেশৰ সুস্বাদু ড্ৰেগন ফলৰ লগতে থাইলেণ্ড বগৰী আৰু নেমু খেতিও বিশাল মাটি দৰাত কৰা ফচল লমালমে ভৰি আছে। বিক্ৰীৰ অভাৱত সকলো বাগানতে পকি সৰি গৈছে। নাই কোনো গ্ৰাহক ,নাই কোনো বজাৰ–মূৰত যেন আকাশ খহি দিশহাৰা হৈ পৰিছে মৰিগাঁৱৰ বেতনি গাঁৱৰ উদ্যমী যুৱ কৃষক জনৰ। ক’ৰোনা মহামাৰীয়ে সৰ্বস্বান্ত কৰি পেলালে মৰিগাঁৱৰ বহু কৃষকৰ জীৱন। ক’ৰোনাৰ বিভীষিকাৰ বাবে লাখ লাখ টকা খৰচ কৰি উৎপাদন কৰা ফচল বিক্ৰীৰ বাবে এখন জিলাৰ পৰা আনখন জিলালৈ নিবলৈও নোৱাৰাৰ লগতে বজাৰ সমূহো বহু দিন বন্ধ হৈ পৰিল। ক’ৰোনাই একপ্ৰকাৰে সৰ্বনাশ মাতি আনিলে জিলা খনৰ উদ্যমী খেতিয়ক সকলৰ জীৱনলৈ। মৰিগাঁৱৰ প্ৰভাকৰ ডেকাই এইবাৰ ড্ৰেগন বিক্ৰী কৰিব নোৱাৰিলে অতি কমেও ১৫ৰ পৰা২০ লাখ টকা পানীত পৰিব। কাৰণ এইবাৰ ড্ৰেগন ফলৰ উৎপাদন পূৰ্বৰ তুলনাত কৈ বৃদ্ধি হৈছে। এইবাৰ ড্ৰেগন ফল মুঠতে ছয়-সাত টন হ’ব গৈ। প্ৰতিকিলো দাম ৩৫০ কৈ হ’লে এইবাৰ উৎপাদিত ড্ৰেগনৰ মূল্য ২১ লাখ টকা হ’ব গৈ বুলি প্ৰভাকৰে সংবাদ মাধ্যমৰ আগত দুখেৰে প্ৰকাশ কৰে। উল্লেখ যে– মৰিগাঁও জিলাৰ বেছি ভাগ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কপালৰ ঘাম মাটিত পেলাই গাঁঠিৰ ধন ভাঙি মৰিগাঁৱৰ কৃষক ৰাইজে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দি আহিছে। দুটাকৈ বছৰত ক’ৰোনাই মৰিগাঁৱৰ উদ্যমী খেতিয়ক সকলৰ জীৱনলৈ নমাই আনিলে ঘোৰ অন্ধকাৰ। সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে মানুহক সকলো ফালৰ পৰা সৰ্বস্বান্ত কৰি পেলালে। ক’ৰোনাই জীয়াই থকাৰ শেষ আশাকনো যেন নাইকীয়া কৰি দিলে।এই পৰিৱেশেই এতিয়া সৰ্বত্ৰতে বিৰাজমান।বৰ্তমান এই দুৰ্যোগময় পৰিৱেশত কৃষকৰ বাবে কোনো বজাৰ নোহোৱাত, সৰ্বনাশ মাতি আনিলে মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাৰ দৰে বহু উদ্যমী খেতিয়কৰ জীৱনলৈ। ইপিনে, ক’ৰোনা বিভীষিকাই সৰ্বস্বান্ত কৰা খেতিয়ক সকলৰ কথা এবাৰ ভাবি চাবলৈ অসম চৰকাৰক প্ৰভাকৰ পোনা ডেকাই আহ্বান জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…