শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

অসম চৰকাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক  কালি এক সৌজন্যমূলক সাক্ষাৎকাৰ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ই।  জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ৰ লগত এলানি আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক  বাবুল বৰা নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে  মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি সঙ্ঘৰ তৰফৰ পৰা আদৰণী আৰু অভিনন্দন জ্ঞাপন কৰে।এই সাক্ষাৎ কালতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৰফৰ পৰা কেইবাটিও গোহাঁৰি সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। মুলতঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৱিৰ্ভাৱ মহোৎসৱত ৰাষ্ট্ৰীয় পৰ্যায়ত বন্ধ ঘোষণা, ৰাজ্যৰ বান-গৰাখহনীয়া আদি সমস্যাৰ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা, অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰ সমূহৰ উন্নতিকল্পে আচঁনি গ্ৰহন, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ আন্ত:গাথঁনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ, শঙ্কৰী সাহিত্যৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় সহযোগিতা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ উন্নয়ন, ধৰ্মীয় ঐতিহ্য ক্ষেত্ৰৰ বেদখলমুক্ত কৰণ কৰা, ৰাজ্যৰ প্ৰাকৃতিক পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে ৩০ লাখ বৃক্ষৰোপনৰ আচঁনি গ্ৰহণ আদি।বহুকেইটি বিষয় সন্নিবিষ্ট স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহোদয়ে সেইসমূহৰ সম্পৰ্কত তেখেতৰ তৰফৰ পৰা যথাবিহিত ব্যৱস্থা গ্ৰহণৰ  কৰিব বুলি উল্লেখ কৰে।আনহাতে অসমৰ ধৰ্মীয় আৰু জাতীয় জীৱনৰ প্ৰতি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই আগবঢ়াই অহা অৱদান ৰাজিৰ বাবে তেওঁ সঙ্ঘৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই আলোচনাত সঙ্ঘৰ প্ৰধান সম্পাদকৰ লগতে অংশগ্ৰহণ কৰে মুখ্য উপদেষ্টা  ভৱেন্দ্ৰ নাথ ডেকা , যুটীয়া সম্পাদক ডা. দূৰ্লভ পাঠক , গুৱাহাটী মহানগৰী জিলাৰ প্ৰাক্তন সহ সম্পাদক জোন মেধিয়ে ।

Related Articles