ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি অসম আৰক্ষীত ব্যাপক সালসলনি কৰিছে। অলপ দিন আগেয়ে আৰক্ষীৰ অধীক্ষক পৰ্যায়ৰ বিষয়া ৰদ–বদলৰ পিছত এইবাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC)ৰ ৰদ–বদল কৰা হৈছে। মুঠ ১৯৩খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰদ–বদল কৰা হৈছে। উল্লেখ্য, ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠনৰ পিছতে ৰাজ্যত ড্ৰাগছকে ধৰি আন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই অভিযান আৰু অধিক ক্ষিপ্ৰ কৰি তোলাৰ কাৰণতে বিষয়াৰ সালসলনি কৰা বুলি অনুমান কৰা হৈছে।

