আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন।
৭৬ বছৰীয়া হ’ল প্ৰধানমন্ত্ৰীগৰাকী।
দেশজুৰি উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক ওপজা দিন।
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত গৃহমন্ত্ৰী অমিত শ্বাহে জনালে শুভেচ্ছা।
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে শুভেচ্ছা।
সমগ্ৰ অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদীলৈ শুভেচ্ছা মুখ্যমন্ত্ৰীগৰাকীৰ।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনাই সামাজিক মাধ্যমত লিখিছে যে সেৱা, সুশাসন আৰু ৰাষ্ট্ৰনিৰ্মাণৰ সংকল্পৰে ভাৰতক নতুন দিগন্তলৈ লৈ যোৱা যশস্বী মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ ৰাজ্যবাসীৰ হৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

