Breaking

ভূৰাগাৱঁৰ বালিডোঙাৰ নৃশংস ধৰ্ষণ-হত্যা কাণ্ডৰ মূল অপৰাধীক গ্ৰেপ্তাৰ।

0 563

অপৰাধীৰ নাম ছৈয়দ আলী (৬৫)।

ভূৰাগাৱৰ বালিডোঙাত ধৰ্ষণকাৰীক ফাচী দিয়াৰ দাবীত স্হানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি
যোৱা ২০ জুনত মৰিগাঁও জিলাৰ ভূৰাগাৱৰ বালিডোঙাত সংঘটিত হৈছিল এক শিহৰণ কাৰী ৯ বছৰীয়া কন্যা শিশুৰ ধৰ্ষণৰ পিছত নৃসংশ হত্যাকাণ্ড। আৰু সেই ঘটনাৰ বুজ লবলৈ শুক্ৰবাৰে আহিছিল অসমৰ মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী তথা হত্যাকাৰী বালিডোঙা গাৱৰে ৬৫ বছৰীয়া ছৈয়দ আলীক। এই খবৰ ওলোৱাৰ লগে লগে আজি সহস্রাধিক জনতাই মথাউৰিত ধৰ্ষণকাৰীক ফাচী দিয়াৰ দাবীত উত্তাল কৰি তোলে। অৱশ্যে আৰক্ষী প্ৰশাসনে পৰিস্থিতিৰ নিয়ন্ত্রণ কৰি ৰাখিছে।

Leave A Reply