আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। বাৰেৰহণীয়া সাংস্কৃতিৰে মুখৰিত মানাহ ৰাষ্ট্ৰীয় উদ্যান। আজি বিটিচি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ফিতা কাটি শুভাৰম্ভণি কৰে ৰাষ্ট্ৰীয় উদ্যানখন। তাৰ পিছতে ছাফাৰীত উঠি উদ্যানৰ ভিতৰত প্ৰকৃতিক পৰিৱেশ উপভোগ কৰে।
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন নতুন উন্নয়ন কৰিব বুলি মন্তব্য কৰে।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ বনবিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত সঞ্চালিকা সোণালী ঘোষ, শালবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰী সমন্বিতে বিভিন্ন পৰ্য্যায়ৰ প্ৰকৃতিপ্ৰেমী সকল।আজি সংস্কৃতি, পৰম্পৰা আৰু বন্যপ্ৰকৃতিৰ অপূৰ্ব সমন্বয়ে উখল-মাখল মানাহ।
দীৰ্ঘদিনীয়া বাৰিষাকালীন বন্ধৰ পিছত আজি ২ অক্টোবৰৰ পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি হল মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ, বন্যপ্ৰাণী আৰু সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য উপভোগ কৰাৰ লগতে পৰ্যটকে জীপ ছাফাৰী, হাতী ছাফাৰী আৰু ৰাফটিঙৰ সুবিধা লাভ কৰিব পাৰে।পৰ্যটকৰ থকাৰ বাবেও মানাহত বিভিন্ন লজ, ৰিজ’ৰ্ট, কটেজ আৰু হোমষ্টেৰ সুবিধা আছে।
উল্লেখ্য, বিভিন্ন ৰেঞ্জত সপ্তাহিক বন্ধৰ দিন নিৰ্ধাৰণ কৰা হৈছে। সেয়ে ভ্ৰমণৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰ্যটকসকলক আহ্বান জনোৱা হৈছে।

