ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া তথা ভাৰতীয় বন সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰদীপ্ত বৰুৱাই সুদীৰ্ঘ ৪০ বছৰ ৬ মহীয়া চাকৰি জীৱনৰ অন্ত পেলাই ৩০-০৯-২০২৬ তাৰিখ অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহ প্ৰাঙ্গণত শুকুৰবাৰে এক আনুষ্ঠানিক বিদায় অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ প্ৰায় বাৰ বজাত আৰম্ভ হোৱা অনুষ্ঠানত বিহু নৃত্য,ভাগৰুম বাহ নৃত্য আৰু নেপালী কৃষ্টিৰ নৃত্যৰে অৱসৰপ্ৰাপ্ত বন বিষয়াগৰাকীক উষ্ম আদৰণি জনোৱা হয়। অনুষ্ঠানত তেওঁৰ কৰ্মজীৱনৰ বিভিন্ন সময়ৰ সহকৰ্মী,বন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
বিদায়ী ভাষণত বক্তাসকলে প্ৰদীপ্ত বৰুৱাৰ কৰ্মজীৱনৰ বিভিন্ন দিশ সোঁৱৰণ কৰি তেওঁৰ কৰ্মনিষ্ঠা,সহায়ৰ মানসিকতা আৰু সহকৰ্মীসকলক উৎসাহিত কৰাৰ গুণৰ কথা উল্লেখ কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা মংগলদৈ বন সংমণ্ডলত কৰ্মৰত সময়ছোৱাত তেওঁ বিষয়া, বনকৰ্মী আৰু কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তা বুজি সহযোগিতা আগবঢ়াইছিল বুলি বক্তাসকলে উল্লেখ কৰে। ১৯৬৬ চনৰ ১৯ ছেপ্টেম্বৰত নগাঁও জিলাৰ আমোলাপট্টিত জন্মগ্ৰহণ কৰা প্ৰদীপ্ত বৰুৱাই শিক্ষাজীৱনত বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতক প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰাৰ পিছত ১৯৮৫-৮৭ বেটছৰ APSC ৰেঞ্জাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। দুবছৰীয়া প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ শোণিতপুৰ পশ্চিম বন সংমণ্ডলত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে।
শৈশৱৰে পৰা অসমৰ অৰণ্য, নদ-নদী আৰু বন্যপ্ৰাণীৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত প্ৰদীপ্ত বৰুৱাই পৰৱৰ্তী সময়ত বন বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়ায়। ২০২১ চনৰ জুলাই মাহত তেওঁ দৰং জিলাৰ মংগলদৈ বন প্ৰাধিকাৰী বিষয়া হিচাপে যোগদান কৰে। ভাৰতীয় বন সেৱাৰ জ্যেষ্ঠ বিষয়া হিচাপে তেওঁ বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত নিষ্ঠাৰে সেৱা আগবঢ়াই অহাৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰসাৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শোণিতপুৰ আৰু দৰং জিলা প্ৰশাসন, আঞ্চলিক বন বিষয়া আৰু বনকৰ্মীসকলৰ যৌথ প্ৰচেষ্টাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি পূৰ্বৰ ৭৮.৮১ বৰ্গ কিলোমিটাৰৰ পৰা ২৭৯.৬০ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পোৱাৰ সময়ছোৱাত প্ৰদীপ্ত বৰুৱাই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বুলি অনুষ্ঠানত উল্লেখ কৰা হয়।
তেওঁৰ কাৰ্যকালত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ ঘটনা সংঘটিত নোহোৱাটোও বন বিভাগৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হয়। সুদীৰ্ঘ কৰ্মজীৱনত আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে তেওঁ ‘অৰণ্য বন্ধু-২০২৬’কে ধৰি কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অৱসৰৰ এই বিশেষ মুহূৰ্তত বিভিন্ন স্থানৰ পৰা অহা গুণমুগ্ধ, সহকৰ্মী আৰু শুভাকাংক্ষীসকলে প্ৰদীপ্ত বৰুৱাক মানপত্ৰ, জাপি,শৰাই,গামোচা, চেলেং আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আবেগঘন পৰিৱেশত অনুষ্ঠিত বিদায় অনুষ্ঠানত উপস্থিতসকলে তেওঁৰ সুস্থ,সুখী আৰু দীঘলীয়া অৱসৰ জীৱনৰ কামনা কৰে।

