যমদুৱাৰ ব্লক যুৱ বিপিএফৰ উদ্যোগত ৪ নং যমদুৱাৰ (ST) সমষ্টিৰ অন্তৰ্গত MCLA Football Tournament–2026ৰ আয়োজন কৰা হৈছে। ৩ আৰু ৪ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতাখন কাশীয়াবাৰী অৰনাই খেলপথাৰত অনুষ্ঠিত হোৱা টুৰ্ণমেণ্ট খনৰ শুভ উদ্ধোধন কৰে ৪ নং যমদুৱাৰ সমষ্টিৰ এম চি এল এ উইলিয়াম নাৰ্জাৰীয়ে ।
যুৱ সমাজৰ মাজত ক্ৰীড়া প্ৰতিভা বিকাশ, সুস্থ ক্ৰীড়া-সংস্কৃতি গঢ়ি তোলা আৰু যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে বুলি ৪ নং যমদুৱাৰ সমষ্টিৰ এম চি এল এ উইলিয়াম নাৰ্জাৰীয়ে জানিবলৈ দিয়ে। প্ৰতিযোগিতাখনক লৈ অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী আৰু যুৱসমাজৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

