তিতাবৰত ‘ৰজত কমল বঁটা’ প্ৰাপ্ত কথাছবি ‘জুইফুল’ৰ পৰিচালক যদুমণি দত্তক উষ্ম সম্বৰ্ধনা

ৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰজত কমল বঁটাপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ‘জুইফুল’ৰ পৰিচালক যদুমণি দত্তক তিতাবৰত উষ্ম সম্বৰ্ধনা জনোৱা হয়। তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত শুক্ৰবাৰে বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।

অসম-নগালেণ্ড সীমান্তৰ জুইৰ মাজত ফুলি উঠা মানৱতাৰ কাহিনী ‘জুইফুল’। নিজৰা ৰাজকুমাৰীৰ চিত্ৰনাট্য, ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ সহ-প্ৰযোজনাত বোলছবি পৰিচালক যদুমণি দত্তই নিৰ্মাণ কৰা এই ছবিখনে লাভ কৰিছে ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা আৰু নিৰি-৯ আন্তঃৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ড° জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা।

আনহাতে আই এফ এফ আইত ইউনেস্কো গান্ধী মেডেলৰ বাবে মনোনীত হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ যোৱা প্ৰথম অসমীয়া ছবি হিচাপেও ইতিহাস ৰচিছে জুইফুলে।

তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অগ্ৰণী শিক্ষানুষ্ঠান ‘প্ৰাগজ্যোতিকা’ৰ সঞ্চালক অচ্যুতদীপ শইকীয়া, প্ৰাক্তন বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীয়ে তিতাবৰবাসীৰ হৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা সম্বৰ্ধনা অনুষ্ঠানত
ৰজত কমল বঁটাপ্ৰাপ্ত ‘জুইফুল’ৰ পৰিচালক যদুমণি দত্তক টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, তিতাবৰৰ ৰক্সি ফিল্ম চিটি, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ লগতে ‘জুইফুল’ৰ সহ-অভিনেতা শৰৎ কুমাৰ গগৈ, সীমান্ত গগৈ আদিৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে।

‘জুইফুল’ৰ মুখ্য সহকাৰী পৰিচালক শৰৎ বাপি শইকীয়া, অভিনেতা-অভিনেত্ৰী ক্ৰমে ঋতুপৰ্ণ ফুকন, ৰবীন কুমাৰ গগৈ, সীমান্ত গগৈ, শৰৎ কুমাৰ গগৈ, চামিয়া শ্যাম, ৰাজীৱ শ্যাম, দেৱব্ৰত শইকীয়া, শিশু শিল্পী মৃদুস্মান গগৈ আদি কলা-কুশলীসকল উপস্থিত থকা অনুষ্ঠানৰ আঁত ধৰে ‘জুইফুল’ৰ সহ-অভিনেতা দীপ্ত সেউজ গগৈয়ে।

তিতাবৰৰ অসম-নগালেণ্ড সীমান্তৰ পটভূমিৰে নিৰ্মাণ কৰা ‘জুইফুল’ কথাছবিৰ ৰাষ্ট্ৰীয় সফলতাই যে অসমীয়া চলচ্চিত্ৰ জগতলৈ নতুন প্ৰেৰণা কঢ়িয়াই আনিছে সেয়া নিশ্চিত।

Related Articles