সদৌ গুৱাহাটী মহানগৰ চুতীয়া ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

প্ৰাঞ্জল তামুলীক সভাপতি, নিখিল বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অন্যতম জিলা সদৌ গুৱাহাটী মহানগৰ চুতীয়া ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন বুধবাৰে বৰবাৰীৰ সাধনী ভৱনস্থিত সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। মহানগৰীৰ বিভিন্ন প্ৰান্তত বসবাস আৰু অধ্যয়ন কৰি থকা ডেৰ শতাধিক শিক্ষাৰ্থী তথা যুৱক-যুৱতীয়ে অধিৱেশনখনত অংশগ্ৰহণ কৰে।

অধিৱেশনত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সাধাৰণ সম্পাদক ৰাজু চুতীয়া, সহকাৰী সম্পাদক ডিম্পল চুতীয়া, অৱন বৰা, কুণ্ডিল চুতীয়াকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

সভাত ভাষণ দি কেন্দ্ৰীয় সভাপতি মহেন বৰাই চুতীয়া জনগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ বাবে শিক্ষাৰ্থীসকলক নিজ নিজ ক্ষেত্ৰৰ জৰিয়তে সক্ৰিয়ভাৱে কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে চুতীয়া ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি চলাই অহা নিৰৱচ্ছিন্ন সংগ্ৰামৰ ফলত জনগোষ্ঠীটোৰ বহু সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈছে।

জনজাতিকৰণৰ বিষয়টো বৰ্তমানেও সমাধান নোহোৱাকৈ থকা বুলি উল্লেখ কৰি তেওঁ কয় যে সন্থা আৰু চৰকাৰৰ মাজত হোৱা আলোচনাৰ ফলত লোকসেৱা আয়োগকে ধৰি উচ্চ শিক্ষানুষ্ঠান, ঔদ্যোগিক প্ৰতিষ্ঠান, নাৰ্ছিং প্ৰতিষ্ঠান আদিত চুতীয়া জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন স্থানত বীৰাংগনা সাধনী আৰু ৰজা ৰত্নধ্বজপালৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই জনগোষ্ঠীটোৰ ৰাইজৰ স্বাৰ্থত ছাত্ৰ সন্থাই গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ খতিয়ান দাঙি ধৰে। তেওঁ নৱপ্ৰজন্মক জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।

অধিৱেশনৰ প্ৰতিনিধি সভাই প্ৰাঞ্জল তামুলীক সভাপতি আৰু নিখিল বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ গুৱাহাটী মহানগৰ চুতীয়া ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰে।

অধিৱেশনত ‘দৈনিক অসম’ কাকতৰ উপ-সম্পাদক ৰণ্টু নেওগেও অংশগ্ৰহণ কৰে। তেওঁ নতুন সমিতিৰ বিষয়ববীয়াসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপস্থিত শিক্ষাৰ্থীসকলক অধ্যয়নৰ সমান্তৰালভাৱে লেখা-মেলাৰ প্ৰতিও গুৰুত্ব দিবলৈ আহ্বান জনায়।

Related Articles