দিল্লীত বিমানৰ ভিতৰতে CJP নেতা অভিজিৎ দীপকে আটক, সৌৰভ দাস আৰু আশুতোষ ৰাংকাও আৰক্ষীৰ জিম্মাত

Writing

দিল্লীত বিমানৰ ভিতৰতে CJP নেতা অভিজিৎ দীপকে আটক, সৌৰভ দাস আৰু আশুতোষ ৰাংকাও আৰক্ষীৰ জিম্মাত

যন্তৰ মন্তৰৰ প্ৰতিবাদলৈ যোৱাত বাধা দিয়াৰ অভিযোগ, নতুন দিল্লীৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১৫০গৰাকী প্ৰতিবাদকাৰীক আটক

শনিবাৰে দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টী (CJP)-ৰ আহ্বানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বেই সষ্টম হৈ পৰিছে দিল্লী আৰক্ষী। ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰাৰ খবৰৰ পাছতে এইবাৰ CJP নেতা অভিজিৎ দীপকেৰ লগতে সৌৰভ দাস আৰু আশুতোষ ৰাংকাকো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ পৰা দিল্লীলৈ অহা অভিজিৎ দীপকে আৰু তেওঁৰ সহযোগীসকল ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে আৰক্ষীৰ জিম্মালৈ যায়। দিল্লী আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষীৰ এটা দলে বিমানৰ ভিতৰতে প্ৰৱেশ কৰি তেওঁলোকক নতুন দিল্লী অঞ্চললৈ, বিশেষকৈ যন্তৰ মন্তৰলৈ নাযাবলৈ বুজাবলৈ চেষ্টা কৰে। কিন্তু আৰক্ষীৰ পৰামৰ্শ মানি নোলোৱাৰ অভিযোগত তেওঁলোকক বিমানৰ ভিতৰতে আটক কৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।

বিমানৰ ভিতৰতে আটক অভিজিৎ দীপকে

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিজিৎ দীপকে আৰু তেওঁৰ সহযোগীসকলক বিমানৰ ভিতৰৰ পৰাই আটক কৰা হয়। আৰক্ষীয়ে তেওঁলোকক প্ৰতিবাদস্থলীলৈ যোৱাত বিৰত থাকিবলৈ বুজাবলৈ চেষ্টা কৰাৰ সময়ত অভিজিৎ দীপকে নিজেই গ্ৰেপ্তাৰ হ’বলৈ আহিছে বুলি মন্তব্য কৰা বুলিও খবৰ প্ৰকাশ পাইছে।

আনহাতে, আটকাধীন লোকসকলক পৰৱৰ্তী সময়ত ডিটেনচন চেণ্টাৰলৈ নিয়া হ’ব পাৰে বুলিও সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে, এই সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্যৰ বিষয়ে নিশ্চিত তথ্য উপলব্ধ হোৱা নাই।

প্ৰতিবাদস্থলীলৈ যোৱাত বাধা দিয়াৰ অভিযোগ

শনিবাৰে যন্তৰ মন্তৰত হ’বলগীয়া প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত আৰক্ষী মোতায়েন কৰা হৈছে। প্ৰতিবাদকাৰীসকল যাতে প্ৰতিবাদস্থলীত উপস্থিত হ’ব নোৱাৰে, তাৰ বাবে আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, এতিয়ালৈকে নতুন দিল্লীৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১৫০গৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে। অৱশ্যে, এই সংখ্যাৰ স্বতন্ত্ৰ নিশ্চিতকৰণ হোৱা নাই।

আটকক লৈ CJP-ৰ গৰিহণা

ইফালে, অভিজিৎ দীপকে আৰু তেওঁৰ সহযোগীসকলক আটক কৰা কাৰ্যৰ তীব্ৰ গৰিহণা দিছে ককৰোচ জনতা পাৰ্টী (CJP)-এ। দলটোৰ অভিযোগ অনুসৰি, প্ৰস্তাৱিত প্ৰতিবাদস্থলীলৈ নেতাসকলৰ যোৱাত বাধা দিবলৈ পৰিকল্পিতভাৱে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

CJP-এ এই কাৰ্যক দেশৰ ভিতৰত মুক্তভাৱে অহা-যোৱা কৰাৰ অধিকাৰৰ পৰিপন্থী বুলি অভিহিত কৰিছে। লগতে, আটকাধীন নেতাসকলক তাৎক্ষণিক আৰু চৰ্তবিহীনভাৱে মুক্তি দিয়াৰ দাবী জনাইছে দলটোৱে।

উল্লেখ্য যে, শনিবাৰে যন্তৰ মন্তৰত আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি দিল্লীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। প্ৰতিবাদৰ পূৰ্বে কেইবাজনো নেতা আৰু প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰে ৰাজধানীৰ ৰাজনৈতিক পৰিস্থিতিক অধিক চৰ্চালৈ আনিছে।

Related Articles