জুলাই মাহৰ প্ৰথমটো দিনতে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। প্ৰতিদিনে বৃদ্ধি পাই থকা পেট্ৰ’ল–ডিজেলৰ দামৰ পিছত আজি এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে। চৰকাৰী তেল কোম্পানীসমূহে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫.৫০ টকা দাম বৃদ্ধি কৰিছে। আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৪ টকাকৈ বৃদ্ধি কৰা হৈছে।এই বৃদ্ধিৰ পিছত দেশৰ ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ দাম ৮৪৩টকা হ’লগৈ। ইয়াৰ উপৰি কলকাতাত ৮৬১ টকা, মুম্বাইত ৮৩৪.৫ টকা আৰু চেন্নাইত ৮৫০ টকা হয়গৈ ৰন্ধন গেছৰ দাম।
১৯ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ দাম ৮৪ টকা বৃদ্ধি কৰা হৈছে। দিল্লীত এতিয়া ইয়াৰ দাম ১৫৫০ টকা। ইয়াৰ উপৰি কলকাতাত ১৬৫১.৫ টকা, মুম্বাইত ১৫০৭ টকা আৰু চেন্নাইত ১৬৮৭.৫ টকা।উল্লেখযোগ্য যে জুন মাহত ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি হোৱা নাছিল। অৱশ্যে ১৯.২ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১২৩ টকা বৃদ্ধি হৈছিল। মে’ আৰু জুন মাহত ঘৰুৱা চিলিণ্ডাৰৰ দাম একেই আছিল। এপ্ৰিল মাহত ১০ টকা হ্ৰাস কৰিছিল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…