জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সামাজিক মাধ্যমত পুনৰ গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সামাজিক মাধ্যমত পুনৰ গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট।

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে জনাই যে জুবিনৰ বাবে হোৱা প্ৰতিখন ন্যায়ৰ যুঁজত আমাৰ পূৰ্ণ সমৰ্থন আছে ।তাত কোনো ৰাজনৈতিক বা আন কোনো ধৰণৰ মতাদৰ্শ নাই আৰু কোনেও নিজৰ মতেৰে জাপি দিবলৈও চেষ্টা নকৰে যাতে ! জুবিনে ন্যায় পাবই লাগিব .. বচ্ ! একমাত্ৰ সেয়াই আমাৰ দাবী, অনুৰোধ ,প্ৰাৰ্থনা সকলো‌ ।জুবিন,মা আৰু জংকীৰ বাবে এটা বিশেষ বৈদিক নিয়ম কৰিবলৈ আমি গয়ালৈ ইতিমধ্যে ৰাওনা হৈছো বাবে আজিৰ বিক্ষোভ কাৰ্য্যসূচীত উপস্থিত থাকিব নোৱাৰিম কিন্তু অসমৰ ৰাইজৰ লগত আমাৰ পূৰ্ণ সহযোগ আছে।

আনহাতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ২১ নৱেম্বৰত খানাপাৰাত বিক্ষোভ কাৰ্যসূচী। সকলোকে ওলাই আহিবলৈ আহ্বান কণ্ঠশিল্পী মান ৰবীনৰ।

Related Articles