পাৰকোপ পাহাৰত আজিৰে পৰা ৩৪ সংখ্যক জ’নেল কাৰ্বি যুৱ মহোৎসৱ

পাৰকোপ পাহাৰত ১৭ অক্টোবৰৰ পৰা ৩৪ সংখ্যক জ’নেল কাৰ্বি যুৱ মহোৎসৱ। নগাঁও–কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰকোপ পাহাৰত অহা ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৩৪ সংখ্যক জ’নেল কাৰ্বি যুৱ মহোৎসৱ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কাৰ্বি জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতিৰাজি প্ৰদৰ্শন কৰা হ’ব এই মহোৎসৱত। ইয়াৰ উপৰি বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে নিজ নিজ জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰি মহোৎসৱত সাংস্কৃতিক বৈচিত্ৰ্যৰ সমাহাৰ ঘটাব।

কাৰ্বি সংস্কৃতিৰ সংৰক্ষণ, প্ৰচাৰ আৰু নৱপ্ৰজন্মৰ মাজত পৰম্পৰাক জীয়াই ৰখাৰ ক্ষেত্ৰত এই মহোৎসৱে বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

Related Articles