জন্মদিনক লৈ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। বুধবাৰে জুবিননিহীন দ্বিতীয়টো জন্মদিন পালন কৰিলে। জন্মদিনক লৈ সামাজিক মাধ্যমত জুবিন পত্নী গৰিমাই লিখিলে- বিশেষ দিন বুলি এতিয়া আৰু একোৱেই হেঁপাহ নাই…তথাপি আপোনালোকৰ মৰম আশীৰ্বাদেৰে মোৰ জন্মদিনটো ভৰাই দিলে। আপোনালোকৰ অতি মৰমৰ মানুহজনৰ নিচেই আপোন বাবেই আপোনালোকে মোকো অফুৰন্ত মৰম, আদৰ, যত্নৰ মাজত ৰাখিছে । নহলে জীয়াই থকাৰ হেঁপাহকণো হয়তো হেৰুৱালোঁহেতেন এদিন !
এতিয়া জীৱনত জীয়াই থকাৰ দুটাই উদ্দেশ্য – সোনকালে তেওঁৰ ন্যায় লাভ আৰু তেওঁৰ সমগ্ৰ কামখিনি চিজিল কৰি ভবিষ্যত প্ৰজন্মৰ হাতত অৰ্পণ কৰি যোৱা .. এই কামখিনি সঠিক ভাবে সুৰক্ষিত আৰু সংৰক্ষিত কৰি ৰাখিব পাৰিলেহে চিৰযুগমীয়া হৈ থাকিব তেওঁৰ সত্ত্বা। এইয়া আগবঢ়াই নিবৰ বাবে অকলে বা এমুঠি মানুহে কৰা সম্ভৱ নহয় ।
তেওঁৰ ন্যায় আৰু কামবোৰ আগুৱাই লৈ যাবলৈ আপোনালোকৰ সহায় – সহযোগিতা সদায় লাগিব ! সদায় লগত থাকিব দেই.. আশীৰ্বাদ আৰু মৰমৰ হাত এখন.. আস্থা, বিশ্বাস,- ভৰসাবোৰো সদায় ৰাখিব মোৰ শিৰত।
এইদৰে জন্মদিনক লৈ আৱেগিক পোষ্ট লিখে গৰিমাই।

